তেজপুৰ, 1 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনত যিকোনো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অগপ ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীক প্ৰতিটো সমষ্টিতে সমৰ্থন জনাব অগপই ৷ এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ ৷ আজি তেজপুৰৰ জয়মতী পথাৰত অনুষ্ঠিত শোণিতপুৰ লোকসভা সমষ্টিৰ বুথ কৰ্মী সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অগপৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই ৷
মন্ত্ৰী অতুল বৰাই কংগ্ৰেছ তথা আন আন বিৰোধী দল সমূহক কটাক্ষ কৰি কয় যে, অসমৰ বাকী আঞ্চলিক ৰাজনৈতিক দলৰ জন্মদাতা কংগ্ৰেছ ৷ অসমৰ সকলো দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ আঁৰত কংগ্ৰেছ আছে বুলি কয় তেওঁ ৷ মন্ত্ৰীগৰাকীয়ে লগতে অগপ পুনৰ উজ্জীৱিত হ'ব বুলি উল্লেখ কৰি আগন্তুক লোকসভা নিৰ্বাচনত দলটোৱে আসন নিশ্চিত কৰিব বুলি মন্তব্য কৰে ৷
আনহাতে, অগপৰ সভাপতি অতুল বৰাই আজি সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই বাজেট এখন জনমুখী বাজেট বুলি উল্লেখ কৰে ৷ বাজেটত ধাৰ্য কৰা ধনৰাশিয়ে দৰিদ্ৰ লোকৰ হিত সাধন কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী বৰাই ৷ আনহাতে, এই বাজেটত যুৱচামক অগ্ৰাধিকাৰ দিয়াকলৈ যথেষ্ট আশাবাদী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগন্তুক বাজেটখনো এখন জনকল্যাণমুখী বাজেট হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷