গুৱাহাটী:অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ আজি অষ্টম দিনতো গ্ৰন্থপ্ৰেমীৰ যথেষ্ঠ ভিৰ হয় ।
অষ্টম দিনত গ্ৰন্থমেলাৰ বাকৰি লেখক-পাঠকৰ আড্ডাই উমাল কৰি ৰাখে । খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ যেন ভাষা-সাহিত্য-সংস্কৃতিৰ এক পীঠস্থানলৈ ৰূপান্তৰিত হৈছে ! প্ৰতিদিনে বিপণিত পঢ়ুৱৈৰ ভিৰে প্রকাশন গোষ্ঠীসমূহকো বাৰুকৈয়ে উৎসাহিত কৰিছে ।
২৭ ডিচেম্বৰৰ পৰা আজি পর্যন্ত 'অসম গ্রন্থমেলা, গুৱাহাটী'ত আঠ দিনত প্ৰায় ৪ কোটি টকাৰ কিতাপ বিক্রী হোৱা বুলি সদৰী কৰিছে উদ্যোক্তাসকলে । ইফালে, গ্ৰন্থমেলাত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হয় গ্ৰন্থপ্ৰেমী । তেজপুৰৰ পৰা অহা এগৰাকী গ্ৰন্থপ্ৰেমীয়ে কয়, "মনে বিচৰা কিতাপখন কিনিবলৈ প্ৰতিবছৰে ৰৈ থাকো অসম গ্ৰন্থমেলালৈ । সেয়েহে বিচৰা কিতাপখিনি লৈছো । তেজপুৰত গ্ৰন্থমেলা নহয় বাবে প্ৰতি বছৰে ৰৈ থাকো অসম গ্ৰন্থমেলালৈ ।"
স্থান সলনি হ'লেও হ্ৰাস পোৱা নাই ক্ৰেতা :
স্থান হেৰালে মান হেৰাই বুলি অসমীয়াত এষাৰ প্ৰৱচন আছে । কিন্তু এই কথাষাৰ ভুল বুলি প্রতিপন্ন কৰিছে এইবাৰৰ গ্ৰন্থমেলাই । কিয়নো প্ৰতিবছৰে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত অনুস্থিত হৈছিল অসম গ্ৰন্থমেলা । ইয়াৰ পূৰ্বে গ্ৰন্থমেলাৰ স্থান আছিল জজ খেলপথাৰ ৷ কিন্তু এইবাৰ চান্দমাৰীত উৰণসেতু নিৰ্মাণৰ বাবে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে । স্থান সলনি হ'লেও যেন গ্ৰন্থমেলাত কোনো বিশেষ প্ৰভাৱ পৰা নাই । বৰঞ্চ যাতায়াত, পাৰ্কিং আদি সকলো দিশৰ পৰা সুবিধা হোৱা বুলিহে মত পোষণ কৰিছে গ্ৰন্থপ্ৰেমীয়ে ।