অসম

assam

ETV Bharat / state

অনাকাংক্ষিতভাৱেহে মই ৰাজনীতিলৈ আহিলো: দিপ্তীময়ী চৌধুৰী

মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীৰ মতে বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তেওঁ কেতিয়াও ভবাই নাছিল ।

By ETV Bharat Assamese Team

Published : 6 hours ago

Assam Bye Election 2024
অনাকাংক্ষিতভাৱেহে মই ৰাজনীতিলৈ আহিলো: দিপ্তীময়ী চৌধুৰী (ETV Bharat)

বঙাইগাঁও :প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ মাজতে অগপ দলে ঘোষণা কৰিলে বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম । দলে ঘোষণা কৰা মতে সাংসদ তথা প্ৰাক্তন বিধায়ক ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় ।

লগে লগে বঙাইগাঁৱৰ ৰাজনীতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে অগপৰ বঙাইগাঁও জিলা কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হৈছে । দলীয় কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে দিপ্তীময়ী চৌধুৰীক একাংশ দলীয় নেতা-কৰ্মীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ।

অনাকাংক্ষিতভাৱেহে মই ৰাজনীতিলৈ আহিলো: দিপ্তীময়ী চৌধুৰী (ETV Bharat)

দিপ্তীময়ী চৌধুৰীৰ প্ৰতিক্ৰিয়া

দলীয় প্ৰাৰ্থিত্ব লাভ কৰি প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিলে দিপ্তীময়ী চৌধুৰীয়ে । মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ মতে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কেতিয়াও ভবা নাছিল । কিন্তু ৰাইজে বিপুল সমৰ্থন দিয়াৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে । তেওঁ কয়,"অনাকাংক্ষিতভাৱেই হওঁক মই ৰাজনীতিৰ পথাৰত এটা খোজ পেলাম বুলি ভাবিলো । সকলোৱে অনুৰোধ কৰাত মই খোজ দিলোহি । ৰাইজে যাতে মোক সহায় সহযোগিতা কৰে আশা কৰিছো ।" বিজয়ী হোৱাৰ আশা প্ৰকাশ কৰি তেওঁ কয়,"মই ভাবো আমিয়েই জয়যুক্ত হ'ম ।"

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত সন্দৰ্ভতো দিপ্তীময়ী চৌধুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়,"মই এই বিষয়টোত বেছি জড়িত হৈ থকা নাই । কিন্তু মই ভাবো আমাৰ মাজত ভালদৰে আলোচনা কৰাহ'লে আৰু ভাবি চিন্তি কামখিনি কৰা হ'লে বিষয়টোৱে এই পৰ্যায় নাপালেহেতেন ।"

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত

উল্লেখ্য যে বঙাইগাঁৱত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ পৰিণতিত ইতিমধ্যে জিলাখনৰ কেইবাগৰাকীও অগপ নেতাই দলত্যাগ কৰিছে । একাংশ দলীয় কৰ্মীৰ মাজত এতিয়াও অসন্তুষ্টি আছে । তেনে পৰিস্থিতিত সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নীক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত এই অসন্তুষ্টি কিমান দূৰলৈ যায় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :জল্পনা-কল্পনাৰ অৱসান; সাংসদৰ পত্নীকে দিয়া হ'ল উপ-নিৰ্বাচনৰ টিকট

ABOUT THE AUTHOR

...view details