মৰাণ:মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে । ইয়াৰ পাছতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া স্থানৰ কাষৰে নলাত ওলাল এটি মৃতদেহ । মুখ্যমন্ত্ৰীৰ আগমনৰ আগে আগে নিৰাপত্তাৰ দিশ সুনিশ্চিত কৰিবলৈ কাষৰ নলাত অভিযান চলাওঁতে আৰক্ষী আৰু অভিযানকাৰীৰ দলে উদ্ধাৰ কৰে মৃতদেহটো ।
আৰক্ষী আৰু অভিযানকাৰীৰ দলে উদ্ধাৰ কৰা মৃতদেহটো পিচত নিৰ্মালী গাঁৱৰ যুৱক ৰঞ্জু কটকী (২৬)ৰ বুলি চিনাক্ত কৰা হয় । কেনেকৈ এই যুৱকজনৰ মৃতদেহটো এই স্থানত উদ্ধাৰ হ'ল তাক লৈ ৰাইজৰ মাজত হাহাকাৰ লাগিল । ইয়াৰ পিচতেই এই যুৱকজনৰ পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰাৰ লগে লগে সমগ্ৰ ঘটনা পোহৰলৈ আহে ।
যোৱা দুৰ্গা পূজাৰ নৱমীৰ দিনাৰে পৰাই নিৰুদ্দেশ হৈ আছিল যুৱকজন । মৃতদেহৰ অৱশিষ্টৰ লগত উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ পৰা যুৱকজন ৰঞ্জু কটকী বুলি নিশ্চিত কৰিছে পৰিয়ালৰ লোকে । উল্লেখ্য যে ডিব্ৰুগড়ৰ মানকটা পথৰ দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে চাৰিখনকৈ উৰণসেতুৰ আধাৰশিলা স্থাপন কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে আমোলাপট্টি চাৰিআলি উৰণ সেতু, মানকটা পথৰ উৰণ সেতু, পুৰণি ৩৭ নং ঘাইপথৰ সংযোগস্থলৰ উৰণ সেতু আৰু লেজাই কলাখোৱা পথৰ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব আজি সন্ধিয়া । ইয়াৰ বাবে প্ৰস্তুতি চলাওতেই এই মৃতদেহ উদ্ধাৰ হোৱাত সৃষ্টি হৈছে চাঞ্চল্য ।