গুৱাহাটী:গুৱাহাটীমহানগৰীত ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ ছাত্ৰী আৰু যুৱকৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহ দুটি ৪ দিন পূৰ্বে নিৰুদ্দেশ হোৱা এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু স্কুল ভেনচালক হীৰক দাসৰ বুলি সন্দেহ কৰা হৈছে । ২৪ ডিচেম্বৰৰ পুৱতি নিশা জালুকবাৰী গাড়ীগাঁৱৰ লুইতপাৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী স্কুল ভেনচালক হীৰক দাসৰ সৈতে ওলাই গৈছিল । সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল চিচি টি ভি কেমেৰাত ।
ইয়াৰ পিছতে পৰিয়ালৰ লোকে বহু বিচাৰ-কোচাৰ কৰে যদিও কোনো সম্ভেদ লাভ নকৰিলে । জালুকবাৰী আৰক্ষী চকীত কিশোৰীগৰাকী অপহৰণ হোৱা বুলি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ।
বিচাৰ-খোচাৰ চলি থকাৰ মাজতে শুকুৰবাৰে পুৱা গাড়ীগাঁৱৰ গাঁওবুঢ়া পাৰৰ ব্ৰহ্মপুত্ৰৰ পানীৰ যুৱলিত ওপঙি থকা অৱস্থাত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে মৃতদেহ দুটা ছাত্ৰীগৰাকীৰ আৰু স্কুল ভেনৰ চালকজনৰ বুলি সন্দেহ কৰা হয় । যাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । ইফালে মৃতদেহ দুটা ছাত্ৰীগৰাকী আৰু স্কুল ভেনচালক হীৰক দাসৰ বুলি পৰিয়ালৰ লোকে দাবী কৰে যদিও বাতৰি লিখা পৰ্যন্ত আৰক্ষীয়ে কোনো তথ্য ৰাজহুৱা কৰা নাই ।