গোলাঘাট, 22 এপ্ৰিল:গোলাঘাটৰ পুলিবৰস্থিত আৰক্ষী নিৱেশৰ চৌহদত থকা এটা পুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন আৰক্ষী জোৱানৰ মৃতদেহ । মৃতদেহ উদ্ধাৰ হোৱা আৰক্ষী জোৱানজনৰ নাম ৰাণা বিৰ চ’ৰেণ বুলি জানিব পৰা গৈছে । 19 এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কোকৰাঝাৰৰ পৰা গোলাঘাটত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত হৈ আছিল আৰক্ষী কনিষ্টবলজন ।
লক্ষণীয় বিষয় যে প্ৰায় দুটা দিন ধৰি সন্ধানহীন হৈ আছিল আৰক্ষী কনিষ্টবলজন ৷ দুটা দিনৰ অন্তত এইদৰে পুখুৰীত ৰহস্যজনকভাৱে ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি গোলাঘাটৰ পুলিবৰস্থিত আৰক্ষী নিৱেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় গোলাঘাট আৰক্ষীৰ লগতে জিলা দণ্ডাধীশ ৷ বৰ্তমান আৰক্ষীয়ে আৰক্ষী জোৱানজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ সমান্তৰালভাৱে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়াৰ ।