গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ সত্তৰোৰ্ধৰ ব্যক্তিৰ মৃতদেহ তিনিচুকীয়া,২৭ মাৰ্চ: তিনিচুকীয়া জিলাৰ শদিয়াত সংঘটিত হয় ৰাজ্য জোকাৰি যোৱা এক চাঞ্চল্যকৰ ঘটনা । বুধবাৰে পুৱা শদিয়াৰ পকাপুল নামৰ এক অঞ্চলৰ পৰা গাঁতত পুতি থোৱা অৱস্থাত এটা মৃতদেহ শদিয়া আৰক্ষীয়ে উদ্ধাৰ কৰে । জানিব পৰা মতে উদ্ধাৰ হোৱা মৃত ব্যক্তিজনৰ নাম প্ৰফুল্ল কুমাৰ শইকীয়া আৰু ব্যক্তিজনক দুৰ্বৃত্তই দাৰে ডিঙিত ঘপিয়াই হত্যা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে ।
উল্লেখ্য যে, মঙলবাৰে বিয়লি ঘৰৰ সমীপতে শাক বুটলিবলৈ গৈ সন্ধানহীন হৈ আছিল লোকজন । বুধবাৰে পুৱা গাঁওবাসীয়ে ব্যক্তিজনক বিচাৰি অঞ্চলটো চলাথ কৰাত পকাপুল অঞ্চলৰ হাবিৰ মাজত তেজৰ চেকুৰা দেখি আৰক্ষীক খবৰ দিয়ে । লগে লগে শদিয়া আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত গাঁতত পুতি থোৱা অৱস্থাত সন্ধানহীন ব্যক্তিজনৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ঘটনা সন্দৰ্ভত গাঁওবাসীয়ে উক্ত অঞ্চলৰে বিপুল বৰগোঁহাই নামৰ এজন ব্যক্তিক সন্দেহ কৰি উত্তম-মধ্যম সোধাই মূমুৰ্ষ অৱস্থাত আৰক্ষীক গতাই দিয়ে আৰু ধৃত ব্যক্তিজনৰ বাসগৃহৰো বিস্তৰ ক্ষতিসাধন কৰে ৷ বহু সময় ধৰি উক্ত অঞ্চলটোত ঘটনাটোক কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰে । অৱশ্যে আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ।
জানিব পৰা মতে মৃত প্ৰফুল্ল কুমাৰ শইকীয়াৰ সৈতে কিছুদিন পূৰ্বে বিপুল বৰগোঁহাই নামৰ ব্যক্তিজনৰ সামান্য কথাতে বাক-বিতণ্ডাত লিপ্ত হৈ সংঘাতৰ সৃষ্টি হৈছিল আৰু এই সন্দেহৰ ভিত্তিতেই গাঁওবাসীয়ে ব্যক্তিজনক প্ৰহাৰ কৰে আৰু ইয়াৰ পিচতে ততাতৈয়াকৈ ব্যক্তিজনক শদিয়া আৰক্ষীয়ে শদিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । সমগ্ৰ ঘটনা সন্দৰ্ভত শদিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:ভোগদৈ নদীত গা ধুবলৈ গৈ অভিযান্ত্ৰিকৰ ছাত্রৰ মৃত্যু - Student Drowns In Bhogdoi