৩ দিনীয়াকৈ অনুষ্ঠিত বড়োলেণ্ড আন্তৰ্জাতিক বন্যপ্ৰাণী সন্মিলন বাক্সা, 17 ফেব্ৰুৱাৰী :বিশ্ব ঐতিহ্যক্ষেত্ৰত অনুষ্ঠিত হৈছে বড়োলেণ্ড আন্তৰ্জাতিক বন্যপ্ৰাণী সন্মিলন ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰত 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন ৷ বি টি আৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত এই বড়োলেণ্ড আন্তৰ্জাতিক বন্যপ্ৰাণী সন্মিলন অনুষ্ঠিত হৈছে ৷
আজি এই সন্মিলনৰ দ্বিতীয় দিনৰ অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত কয় যে, প্ৰথমবাৰৰ বাবে মানাহত আন্তর্জাতিক বড়োলেণ্ড আন্তৰ্জাতিক বন্যপ্ৰাণী সন্মিলন আৰম্ভ হৈছে ৷ 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন ৷ এই সন্মিলনত দেশ-বিদেশৰ বন্যপ্ৰাণীৰ ওপৰত থকা অভিজ্ঞতা সম্পন্ন ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে ৷ ইতিমধ্যে এই সন্মিলনলৈ বাংলাদেশ, ভূটান, ত্ৰিপুৰাৰ বিশেষজ্ঞ আহিছে বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে ৷
মূলতঃ মানাহৰ লগতে বড়োলেণ্ড অঞ্চলৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, চক্ৰশিলা, বৰনদীকে ধৰি সংৰক্ষিত বনাঞ্চল সমূহক কেনেদৰে সংৰক্ষণ কৰিব পাৰি লগতে কেনেদৰে ইয়াৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰিব পাৰি এই সকলো বিষয় সামৰি আন্তর্জাতিক বন্যপ্ৰাণী সন্মিলন অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰমোদ বড়োৱে ৷ আনহাতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত শীঘ্ৰেই বনৰক্ষী নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কয় প্ৰমোদ বড়োৱে ৷
বড়োলেণ্ড আন্তর্জাতিক বন্যপ্ৰাণী সন্মিলনৰ আজিৰ অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগত কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জাৰী, পাৰিষদ মণ্টু বড়োকে ধৰি বন আৰু পৰ্যটন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়া উস্থিত থাকে ৷ লগতে বাংলাদেশ, ভূটান, ত্ৰিপুৰাৰ কেইবাগৰাকীও বন্যপ্ৰাণী বিশেষজ্ঞ উপস্থিত থাকে ৷
লগতে পঢ়ক :লেপেটকটা গেছ ক্ৰেকাৰে বিপদ মাতিছে কৃষকলৈ