জোনাই,23 জানুৱাৰী :ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত মাইদাংশ্ৰী অঞ্চলত বিভিন্ন সমস্যা পৰিদৰ্শনৰ উদ্দেশ্যে এদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী । ১৯৮৫ চনৰ পৰা হলক নলাৰ বিধ্বংসী পানীয়ে প্ৰতি বছৰে মাইদাংশ্ৰী অঞ্চলৰ প্ৰায় ১৫০ টা পৰিয়ালৰ ঘৰ-বাৰী নষ্ট কৰাৰ লগতে শ শ খেতিভূমি ক্ষতিগ্ৰস্ত কৰাৰ ফলত যমৰ যাতনা ভুগিব লগা হৈছে শ শ পৰিয়ালে ।
উক্ত অঞ্চলটো সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ সৈতে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে একেলগে পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ পিচত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে আলোচনা কৰি সমাধান কৰাৰ আশ্বাস দিয়ে অঞ্চলটোৰ ভুক্তভোগী ৰাইজক । ইয়াৰ পিছতে ২নং মাইদাংশ্ৰী ব্ৰহ্ম মন্দিৰ আৰু ভাটৌ মন্দিৰত উপস্থিত হৈ ৰাইজৰ সৈতে মত-বিনিময় কৰে মিহিনেশ্বৰ বসুমতাৰীয়ে ।