শিলচৰ/কলিয়াবৰ:ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ অভূতপূৰ্ব সাফল্যৰ পিছতে বিভিন্ন প্ৰান্তৰ বিজেপি কৰ্মকৰ্তাসমূহ আনন্দত আত্মহাৰা হৈ পৰিছে । একেই পৰিৱেশ দেখা গৈছে ধলাই সমষ্টিটো । ফলাফল অনুসৰি বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাস জয়ী হোৱা পিছতে ফটকা ফুটাই আনন্দ উল্লাস কৰে বিজেপি কৰ্মকৰ্তাসকলে ।
ইয়াৰোপৰি ‘‘ভাৰত মাতা কী জয়’’ ধ্বনি দি ৰাজপথলৈ ওলাই আহিল সংখ্যালঘূ ৰাইজ । মুঠ ৬৮৭৫৯ টা ভোটত বিজয় সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসে ।
তথ্য অনুসৰি এইবাৰ ধলাইত ২০ শতাংশৰো অধিক সংখ্যালঘু মুছলমান ভোট লাভ কৰে বিজেপিয়ে । সেয়ে বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসৰ জয়ৰ পাছত ফটকা ফুটাই ধলাইৰ লায়লাপুৰত আনন্দ উল্লাস কৰে বিজেপিৰ সংখ্যালঘু সমৰ্থকসকলে । তেওঁলোকৰ মতে, উন্নয়নৰ স্বাৰ্থত এইবাৰ ধলাইত সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিছে ।
ইফালে চামগুৰি বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ বিজয় । শৰ্মাৰ বাসভূমি কলিয়াবৰৰ জখলাবন্ধাতো বিজয়ৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বৰ পৰাই বিজেপি কৰ্মী-সমৰ্থকৰ মিঠা খুৱাই, ফটকা-আটচবাজী ফুটাই আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় । আনহাতে দিপ্লুৰঞ্জন শৰ্মাৰ মাতৃ জয়া শৰ্মায়েও পুত্ৰৰ এই বিজয়ৰ বাবে ভগৱানক ধন্যবাদ জনায় ।