অসম

assam

ETV Bharat / state

'২৬ত বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব: দিলীপ শইকীয়াৰ দাবী - DILIP SAIKIA FELICITATED

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক সম্বৰ্ধনা দলীয় নেতা-কৰ্মীৰ ।

Dilip Saikia felicitated in Mangaldoi
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 22, 2025, 8:40 AM IST

মঙলদৈ: '২৬ৰ নিৰ্বাচনত জয়লাভ কৰাৰ সংকল্প বিজেপিৰ । সেইবাবে দলটোক অধিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই । কেনেদৰে দলটোক শক্তশালী কৰিব লাগিব সেই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আগবঢ়ালে ব্য়াখ্য়া ।

বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে প্ৰথমবাৰৰ বাবে মঙলদৈত উপস্থিত হৈ দিলীপ শইকীয়াই সম্বৰ্ধনা গ্ৰহণ কৰি কয়,"ভাৰতীয় জনতা পাৰ্টীৰ ৬৫ লাখ কৰ্মকৰ্তাৰ তপস্যাৰ ফলত ৰাইজৰ সেৱা লাভ কৰিবলৈ সক্ষম হৈছো । আগন্তুক দিনত আমাৰ দলটো ৰাইজৰ মাজত থাকি ৰাইজৰ হকে কাম কৰি দলক অধিক শক্তিশালী কৰি '২৬ৰ নিৰ্বাচনত জয়লাভ কৰাৰ সংকল্প লৈছো আৰু ৰাইজৰ উন্নয়নৰ বাবে পণ লৈছো । মই আশাবাদী যে '২৬ত বিজেপিৰেই চৰকাৰ তৃতীয়বাৰৰ বাবে ৰাইজে উপহাৰ দিব ।" বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি দলীয় কৰ্মীসকলক উদ্দেশ্যি কয়, "আমাৰ দলটোক অধিক শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব ।"

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া (ETV Bharat Assam)

সভাপতিৰ সন্মান ৰক্ষা কৰিবলৈ দলীয় কৰ্মীক আহ্বান

উক্ত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়,"বিজেপিৰ সভাপতিগৰাকী আপোনালোকৰ সমষ্টিৰ । গতিকে সভাপতিগৰাকীৰ সন্মান ৰখাৰ উদ্দেশ্যে আপোনালোকে দুগুণ উৎসাহেৰে কাম কৰিব লাগিব । অহা এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । গতিকে কৰ্মীসকলে এতিয়াৰ পৰাই গাঁৱে গাঁৱে গৈ মানুহৰ লগত সু-সম্পৰ্ক গঢ়ি তুলিব লাগিব যাতে পঞ্চায়তৰ সকলো আসন বিজেপিৰ দখলত ৰাখিব পৰা যায় । তেতিয়াহে আমাৰ সভাপতিৰ সন্মান ৰক্ষা পৰিব ।" মন্ত্ৰীগৰাকীয়ে পুনৰ কয়,"আপোনালোকে যিমানেই শৰাই, গামোচা উপহাৰ নিদিয়ক কিয় যদি প্ৰত্যেকটো নিৰ্বাচনত আমাৰ দলটোক বেছি ভোটেৰে আগবঢ়াই নিব নোৱাৰে তেতিয়া কিন্তু এই উপহাৰৰ মূল্য নাথাকিব ।"

সাংসদ দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মঙলবাৰে আবেলি মঙলদৈ ভেবাৰঘাটত থকা বিজেপিৰ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱাত দলীয় নেতা-কৰ্মীসকলে আদৰণি জনায় । জিলা সভাপতি মকুন্দ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিজেপিৰ সাংগঠনিক সম্পাদক বি ৰবীন্দ্ৰ ৰাজু, প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যেতি দাস আদি উপস্থিত থাকে ।

লগতে পঢ়ক:প্ৰতিটো নিৰ্বাচনত বিজয়ৰ ধাৰা অব্যাহত ৰখাৰ অংগীকাৰ দিলীপ শইকীয়াৰ - BJP NEW STATE PRESIDENT

প্ৰমোচন-ডিমোচন শব্দবিলাক বিজেপিৰ অভিধানত নাই : দিলীপ শইকীয়া - BJP NEW STATE PRESIDENT

ABOUT THE AUTHOR

...view details