তেজপুৰ, ৪ ছেপ্টেম্বৰ :বিশ্বনাথ জিলাৰ অতি ভিতৰুৱা অঞ্চল চেঙামাৰী । যাতায়তৰ ক্ষেত্ৰত অতিকৈ পিছপৰা অঞ্চলটোৰ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা প্ৰদান কৰি আহিছে বিজ্ঞানৰ নিষ্ঠাৱান শিক্ষকগৰাকীয়ে ৷ ৰিপুঞ্জয় বৰদলৈক ২০২৪ চনৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে নিৰ্বাচিত কৰিছে । ৰাজ্যৰ মুঠ ১৩ গৰাকী শিক্ষকৰ ভিতৰত ৰিপুঞ্জয় বৰদলৈয়ে স্থান পোৱাক লৈ এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে বিশ্বনাথত ।
বৰ্তমান চৰকাৰী বিদ্যালয়ৰ শিক্ষা :
এই আনন্দৰ মুহূৰ্তত শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে ই টিভি ভাৰতক জনাই যে শিক্ষকৰ দৰে এক পৱিত্ৰ বৃত্তিত নিজকে নিয়োজিত কৰাৰ লগতে বিজ্ঞানৰ যুগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ জ্ঞান বিলাই আহিছে তেওঁ ৷ নিজ বিদ্যালয়ৰ উপৰিও অসমৰ চুকে-কোণে থকা বিভিন্ন বিদ্যালয়, অনুষ্ঠানৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাইত বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী হিচাপে সেৱা আগবঢ়াই আহিছে শিক্ষকগৰাকীয়ে ৷ তেওঁ কয়, ‘‘চৰকাৰী বিদ্যালয়ৰ শিক্ষা যথেষ্ট উন্নত যদিও বহু সময়ত শিক্ষকসকলে বিভিন্নধৰণৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীক বহু সুবিধা প্ৰদান কৰিব নোৱাৰে ।’’ আনহাতে বৰ্তমানৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত ৰিপুঞ্জয় বৰদলৈয়ে কয় যে শিক্ষা ব্যৱস্থাটো শিক্ষাকেন্দ্ৰিক হোৱাৰ পৰিৱৰ্তে পৰিৱৰ্তে শিশুকেন্দ্ৰিক হ’ব লাগে ৷
গুণমুগ্ধৰ শুভেচ্ছা :
ৰিপুঞ্জয় বৰদলৈয়ে লাভ কৰা বঁটাৰ বাবে বিশ্বনাথ, চতিয়াৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷ ৰিপুঞ্জয় বৰদলৈক এই বঁটা প্ৰদান কৰি অসম চৰকাৰে তেখেতক ন-উদ্যমেৰে ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়োৱাত আৰু সক্ৰিয়ভাৱে লগাত সহায় কৰিব বুলি শিক্ষাবিদসকলে আশা প্ৰকাশ কৰিছে ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে নিজকে উৎসৰ্গা কৰা ৰিপুঞ্জয় বৰদলৈৰ এই বঁটা বিশ্বনাথৰ বিজ্ঞান কৰ্মী আৰু শিক্ষকসকলৰ বাবে এক উপহাৰ বুলি ক'ব পাৰি ।