অসম

assam

ETV Bharat / state

এক অজান দেশলৈ গুচি গ’ল বিস্ময় যুগৰ স্ৰষ্টা শশী ফুকন - SHASHI PHUKAN PASSES AWAY

অসমীয়া মাহেকীয়া আলোচনী বিস্ময়ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকন আৰু নাই ৷

Shashi Phukan passes away
শশী ফুকন আৰু নাই (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 6:31 AM IST

নিউজ ডেস্ক : জনপ্ৰিয় অসমীয়া মনোৰঞ্জনধৰ্মী মাহেকীয়া আলোচনী বিস্ময়ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু নাই ৷ শুকুৰবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ ৷

জানিব পৰা মতে, বিগত ডেৰমাহতকৈও অধিক সময় চিকিৎসালয়ৰ বিচনাতে আছিল শশী ফুকন ৷ প্ৰথমে গুৱাহাটীৰে এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰয়াত ফুকন ৷ পৰৱৰ্তী সময়ত প্ৰয়াত ফুকনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ স্থানান্তৰিত কৰা হয় ৷

তথ্য মতে, শুকুৰবাৰে বিয়লিৰ পৰা ক্ৰমাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । সন্ধিয়াৰ ভাগৰ পৰা নিশালৈকে তেওঁৰ দুটাকৈ ষ্ট্ৰ’ক আহিছিল । চিকিৎসকে পাৰ্যমানে তেওঁক সুস্থ কৰাৰ বাবে যৎপোৰনাস্তি চেষ্টা কৰিছিল ৷ কিন্তু চিকিৎসকৰ চেষ্টা বিফলে গ’ল ৷ চিকিৎসাধীন অৱস্থাতে এই ইহ সংসাৰৰ পৰা বিদায় মাগিলে বিস্ময় যুগৰ স্ৰষ্টাগৰাকীয়ে ৷

বিস্ময়ৰ সম্পাদক শশী ফুকনৰ বিয়োগ অসসমীয়া সাহিত্য জগতৰ লগতে জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি ৷ শশী ফুকনৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে -

‘‘শশী ফুকন ডাঙৰীয়াৰ বিয়োগত মই মৰ্মাহত হৈছো । আটাইতকৈ জনপ্ৰিয় অসমীয়া আলোচনী বিস্ময়ৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যিক আৰু সাহিত্য অনুৰাগীক এক মঞ্চ প্ৰদান কৰিছিল । তেখেতৰ পৰিয়াল আৰু শুভাকাংক্ষীলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলো ৷ আমাৰ সমাজ আৰু সংস্কৃতিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁৰ অমূল্য অৱদানৰ বাবে আমি চিৰকাল কৃতজ্ঞ হৈ থাকিম ।

ঔম শান্তি ৷’’

বিস্ময়ৰ সম্পাদক শশী ফুকনৰ দেহাৱসানত গভীৰ শোক ব্যক্ত কৰিছে অসম জাতীয় পৰিষদেও । এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "শশী ফুকনৰ বিয়োগত অসমীয়া সাহিত্যৰ এছোৱা সোণালী সময়ৰ সামৰণি পৰিল৷ বিস্ময়ৰ যোগেদি নতুন ধাৰাৰ সৃষ্টি কৰা সম্পাদকগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি হৈ ৰ’ব ৷’’

লগতে পঢ়ক :বিস্ময়ঃ স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য যাত্ৰা ?

ABOUT THE AUTHOR

...view details