Bishmoy Editor Illness : সত্তৰৰ পৰা নব্বৈ দশক । অসমীয়া সাহিত্য আৰু আলোচনী জগতত এক নৱ্যধাৰাৰ সৃষ্টি কৰিছিল তেওঁ । এক নৱ চেতনা আৰু সাহিত্যৰ নৱৰসেৰে অসমীয়া সাহিত্য জগতত এক নতুন যুগৰ সৃষ্টি কৰিছিল এইগৰাকী যুগদ্ৰষ্টাই । তেওঁৰ উৰ্বৰ মস্তিষ্ক আৰু নিজৰি কাপ নিগৰি সুদীৰ্ঘ পাঁচটা দশক সদম্ভে থিয় হৈ আছিল এখন অসমীয়া আলোচনী । অসমীয়া সাহিত্যৰ প্ৰকাশিত ৰূপত এই নজিৰ এক বিৰল ঘটনা । সেইগৰাকী 'বিস্ময় যুগ'ৰ সৃষ্টা আজি গুৰুতৰভাৱে অসুস্থ । তেওঁৰ জীৱন আৰু কৰ্ম সামৰি আমাৰ এক বিশেষ প্ৰতিবেদন ।
কেনে আছে 'বিস্ময় যুগ'ৰ স্ৰষ্টা ? (ETV Bharat Assam)
গুৱাহাটী, ১১ ছেপ্টেম্বৰ :সত্তৰৰ দশকৰ আৰম্ভণিৰ সময়ৰ কথা । সেই সময়ত অসমীয়া সাহিত্যই এক নিজস্ব ধাৰা আৰু ৰুচিৰে বাট বুলিছিল । গতানুগতিকতাৰ পৰা ফালৰি কাটি কিবা এক নতুন চিন্তা-পৰিকল্পনাৰ বিন্দুমানো পৰিৱেশ নাছিল । কিন্তু সেই সময়তে তথাকথিত অসমীয়া সাহিত্যৰ ঠেক গণ্ডীৰ পৰা ওলাই এক নতুন চিন্তা-চেতনাৰে উদ্বুদ্ধ হৈছিল এটা যুৱ মন ।
শশী ফুকন (ETV Bharat Assam)
অসমীয়া সাহিত্যত এক নতুন যুগৰ সৃষ্টি
তেওঁৰ কল্পনাৰ ফল্গুধাৰাত প্ৰৱাহিত হৈছিল কিবা এক নতুনৰ সৃষ্টি, এক অগতানুগতিক কৰ্মৰ তাড়না । আৰু সেই তাড়নাতে জন্ম হৈছিল পাঁচটা দশক ধৰি অসমীয়া আলোচনী সাহিত্যত সদম্ভে নিজৰ আধিপত্য বিস্তাৰ কৰি থকা, অসমীয়া আলোচনী জগতৰ এক ব্যতিক্ৰমী চিন্তাপ্ৰসূত সম্ভাৰ 'বিস্ময়' । যাৰ বেটুপাতৰ পৰা শেষ পৃষ্ঠালৈকে আছিল পাঠকৰ আকৰ্ষণ । নিশ্চয় ইয়াৰ গুৰিধৰোঁতাজনৰ নাম উল্লেখ নকৰোঁতেই বুজিব পাৰিছে যে তেওঁ শশী ফুকনৰ বাহিৰে আন কোনো নহয় ।
কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল বিস্ময় তথা শশী ফুকন
সাহিত্যিক-সমালোচকৰ কঠোৰ আলোচনা-সমালোচনাকো আওকাণ কৰি শশী ফুকন ব্যস্ত আছিল কেৱল বিস্ময়ৰ উত্তৰণৰ বাবে । এটা সময়ত অসমৰ 'অস্পৃশ্য সাহিত্য' বুলিও কোনো কোনোৱে মন্তব্য আগবঢ়াবলৈ কুণ্ঠাবোধ নকৰা এই বিস্ময়ৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল ১৯৬৯ চনৰ জানুৱাৰী মাহত । তাৰ পৰা ২০২২ চনৰ ছেপ্টেম্বৰ মাহলৈকে বিভিন্ন উত্থান-পতনৰ মাজেৰে আগবাঢ়িছে বিস্ময়ৰ পথ পৰিক্ৰমা । লগতে সৃষ্টি হৈছে অসমীয়া সাহিত্যৰ এটা নতুন যুগ- 'বিস্ময় যুগ' ।