অসম

assam

বিৰুবালা ৰাভাক ডাইনী সজালে আইমী বৰুৱাই : শীঘ্ৰে স্পষ্টীকৰণৰ দাবী পুত্ৰৰ - 70TH NATIONAL FILM AWARDS

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 4:55 PM IST

Birubala Rabhas documentary controversy : যিগৰাকী ব্যক্তিয়ে সমগ্ৰ জীৱন ধৰি ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বাবে যুঁজ দি গৈছে, তেওঁকেই ডাইনী সজালে আইমী বৰুৱাই তথ্যচিত্ৰৰ নামকৰণেৰে । পদ্মশ্ৰী বিৰুৱালা ৰাভাৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰৰ শিৰোনামক লৈ অসন্তুষ্টি প্ৰকাশ পুত্ৰৰ । ২৪ ঘণ্টাৰ ভিতৰত আইমী বৰুৱাৰ পৰা স্পষ্টীকৰণ দাবী ।

Birubala Rabhas Documentary Controversy
বিৰুবালা ৰাভাৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰৰ শিৰোনামক লৈ অসন্তুষ্ট পুত্ৰ (ETV Bharat Assam)

গোৱালপাৰা, ২০ আগষ্ট :ডাইনী আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ওৰে জীৱন যুঁজ দি মৃত্যুবৰণ কৰা পদ্মশ্ৰী বিৰুৱালা ৰাভাৰ ওপৰত নিৰ্মিত 'Birubala : Witch to Padmashri' শীৰ্ষক তথ্যচিত্ৰখনৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰয়াত বিৰুবালা ৰাভাৰ পুত্ৰই । আইমী বৰুৱাৰ প্ৰযোজনা আৰু পৰিচলানাৰে নিৰ্মিত এই তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ পিছতে ছবিখনৰ শিৰোনামক লৈ তীব্ৰ আপত্তি দৰ্শাইছে বিৰুবালা ৰাভাৰ পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভাই । লগতে ২৪ ঘণ্টাৰ ভিতৰত এই শিৰোনাম সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়াবলৈ আইমী বৰুৱালৈ আহ্বান প্ৰয়াত বিৰুৱালা ৰাভাৰ পুত্ৰৰ ।

বিৰুবালা ৰাভাৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰৰ শিৰোনামক লৈ পুত্ৰৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

উল্লেখ্য যে ডাইনীৰ দৰে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ দি মৃত্যুবৰণ কৰা পদ্মশ্রী ডঃ বিৰুৱালা ৰাভাৰ ওপৰত নিৰ্মিত 'Birubala : Witch to Padmashri' নামৰ ছবিখনে এইবাৰ লাভ কৰিছে তথ্যচিত্ৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ জুৰীৰ বিশেষ বঁটা । এই ছবিখনৰ শিৰোনামটো অসমীয়াত হয় 'বিৰুবালা : ডাইনীৰ পৰা পদ্মশ্ৰীলৈ' । এতিয়া এই শিৰোনামটোক লৈয়ে সৃষ্টি হৈছে বিতৰ্ক ।

প্ৰয়াত ডঃ বিৰুৱালা ৰাভাৰ জ্যেষ্ঠ পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভাই এই সন্দৰ্ভত কয়, "যিগৰাকী মহিলাই সমাজৰ হকে ডাইনী কুসংস্কাৰৰ বিৰুদ্ধে আজীৱন যুঁজ দি নিজৰ জীৱন উৎসৰ্গা কৰি গৈছে, যিগৰাকী মহিলাই ডাইনীৰ বিৰুদ্ধে যুঁজি দেশৰ চতুৰ্থ সৰ্বোচ্চ সন্মান পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল, সেইগৰাকী নাৰীৰ ওপৰত শিল্পী আইমী বৰুৱাই ভুল শিৰোনাম দি তথ্যচিত্ৰ নিৰ্মাণ কৰি সমাজত এক ভুল বাৰ্তা প্ৰেৰণ কৰিছে । পদ্মশ্ৰী ডঃ বিৰুৱালা ৰাভাক ডাইনী সজোৱা হৈছে ।"

তেওঁ লগতে কয়, "আইমী বৰুৱা পৰিচালিত এই তথ্যচিত্ৰখনে ইতিমধ্যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । এই বঁটাক লৈ সমগ্ৰ অসমবাসীৰ লগতে পৰিয়ালৰ লোকো গৌৰৱাম্বিত । কিন্তু ডঃ বিৰুবালা ৰাভাৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰখনৰ যিটো শিৰোনাম দিয়া হৈছে, সেয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে ।"

প্ৰয়াত বিৰুৱালা ৰাভাৰ জ্যেষ্ঠ পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভাই শিৰোনামক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লগতে কয়, "Birubala : Witch to Padmashri-ৰ অৰ্থ কি ? তথ্যচিত্ৰখনৰ শিৰোনামৰ জৰিয়তে বিৰুবালাৰ বিষয়ে সমাজত এটা ভুল ধাৰণা দিয়া হৈছে । ডঃ বিৰুৱালা ৰাভাই ডাইনী আৰু কুসংস্কাৰৰ বিৰুদ্ধে সমাজক নেতৃত্ব দিছিল যদিও ছবিখনৰ শিৰোনামটোক এনেদৰে ব্যাখ্যা কৰিব পাৰি যে প্ৰথমে বীৰুবালা ৰাভা নিজেই এগৰাকী ডাইনী আছিল । তাৰ পিছত ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজি পিচত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । সেয়ে ছবিখনৰ নিৰ্মাতা আইমী বৰুৱাই এই ছবিখনৰ শিৰোনাম সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়াব লাগে ।"

বিৰুবালা ৰাভাৰ পুত্ৰই এই স্পষ্টীকৰণ আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত আগবঢ়াবলৈও আইমী বৰুৱাক আহ্বান জনায় । লগতে যিখন জুৰীয়ে এই তথ্যচিত্ৰ নিৰ্মাণৰ বাবে বঁটা ঘোষণা কৰিছে, উক্ত জুৰীয়ে তথ্যচিত্ৰখন প্ৰকাশ কৰাত পৰিয়ালৰ লোকৰ দুৰ্ঘোৰ আপত্তি থকা বুলিও উল্লেখ কৰে প্ৰয়াত বিৰুৱালা ৰাভাৰ জ্যেষ্ঠ পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভাই ।

লগতে পঢ়ক :অসমীয়া ছবিলৈ ৫ টাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ: জুৰীৰ বিশেষ সন্মান আজুৰিলে আইমী বৰুৱাই - National Film Awards 2022
লগতে পঢ়ক :ঘোষণা কৰা হ’ল 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীৰ নাম: অসমীয়া ছবিলৈ কেইবাটাও সন্মান - 70th National Film Awards

ABOUT THE AUTHOR

...view details