তেজপুৰ,৫ ফেব্ৰুৱাৰী :তেজপুৰত শতাধিক পক্ষীৰ ৰহস্যজনক মৃত্যুৰ এক শোকাৱহ ঘটনা পোহৰলৈ আহিছে ৷ তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিন্দুকুৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ কাষৰীয়া অঞ্চলত শতাধিক শালিকা, ঘৰচিৰিকা চৰাই আৰু ফেঁচাৰ অপমৃত্যু ঘটা ঘটনাই সকলোকে হতবাক কৰি তুলিছে ৷ এনেদৰে অকস্মাতে পক্ষীৰ মৃত্যুৰ ঘটনাই প্ৰকৃতিপ্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য যে, এই হৃদয়বিদাৰক ঘটনাৰ সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে কয় যে নিমাখিত চৰাইবোৰৰ এনেদৰে মৃত্যু ঘটাটো অতিশয় উদ্বেগজনক ৷ এই অঞ্চলসমূহৰ পথাৰৰ লগতে বিভিন্ন স্থানত এনেদৰে মৃত চৰাইবোৰ পৰি থকাৰ শোকাৱহ ঘটনা অসহনীয় ৷ চৰাইবোৰে কোনো বিষাক্ত দ্ৰব্য ভক্ষণ কৰা বুলি সন্দেহ কৰে প্ৰকৃতিপ্ৰেমীগৰাকীয়ে ৷
বৰ্তমানেও সিঁচৰতি হৈ পৰি থকা মৃত চৰাইবোৰ মৰণোত্তৰ পৰীক্ষা কৰি এই ঘটনাৰ এক তদন্ত কৰাৰ প্ৰয়োজন আছে বুলি দাবী কৰে প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে ৷ ইতিমধ্যে অঞ্চলটোত তিনি প্ৰজাতিৰ পক্ষীৰ মৃত্যু হোৱাৰ বিপৰীতে অনাগত দিনত মৃত চৰাইৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছে বৰকটকীয়ে ৷