বৰপেটাৰোড, ১৭ মে': বৰপেটাৰোডৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনত ৰাজ্যৰ এগৰাকী উদীয়মান শিল্পী সানিধ্য ভূঞাক বিহু উদযাপন সমিতিয়ে গতিয়াই চৰম অপমান কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে বৰপেটাৰোডৰ বিহু উদযাপন সমিতিয়ে ৷ শুকুৰবাৰে বৰপেটাৰোডৰ প্রেছক্লাবত আয়োজিত এক সংবাদমেলৰ জৰিয়তে সেইদিনা সংঘটিত হোৱা অবাঞ্চিত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি উদযাপন সমিতিৰ সভাপতি ৰণজিৎ তালুকদাৰে সম্বোধন কৰে সংবাদমেল ।
সভাপতিগৰাকীয়ে কয়, "বৰপেটাৰোডত বিগত সময়ত সুধাকণ্ঠ প্ৰয়াত ড৹ ভূপেন হাজৰিকাৰ, খগেন মহন্তকে ধৰি বহু স্বনামধন্য শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰি গৈছে ৷ কেতিয়াও কোনোধৰণৰ খেলিমেলি হোৱা নাছিল ।’’ সমান্তৰালভাৱে এইবেলি বৰপেটাৰোডৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীয়ে শিল্পী সানিধ্য ভূঞাক তেওঁৰ গীতৰ শৰাই আগবঢ়াবলৈ আমন্ত্ৰণ কৰিছিল ৷
বৰপেটাৰোডৰ বিহু মঞ্চত গীত পৰিবেশনৰ বাবে শিল্পীগৰাকীৰ সৈতে হোৱা চুক্তিৰ্মে বিগত ১২ মে’ৰ নিশা দহ বজা বুলি উল্লেখ আছিল ৷ কিন্তু শিল্পী সানিধ্য ভূঞাই সেইদিনা নিশা ১০ বাজি ৪৫ মিনিটতহে বৰপেটাৰোডত আহি উপস্থিত হৈছিল জনাই উদ্যোক্তাসকলে ৷ শিল্পীগৰাকীয়ে মঞ্চত গীত পৰিৱেশনৰ বাবে জিৰণি ল’বলৈ এঘণ্টা সময় বিচাৰিছিল যদিও শিল্পীগৰাকীক আধা ঘণ্টা সময়হে দিছিল কমিটীয়ে ।
আধাঘণ্টাৰ পাছত শিল্পী সানিধ্য ভূঞাৰ বাদ্যযন্ত্ৰসমূহ মঞ্চত সাজু কৰি থকাৰ সময়ত গীত পৰিৱেশৰ বাবে বাদ্যযন্ত্ৰসমূহ সক্ৰিয় হৈ উঠা নাই বুলি উদযাপন সমিতিক শিল্পী সানিধ্য ভূঞাই অৱগত কৰি কিছু বাদ্যযন্ত্ৰ কমিটীক যোগান ধৰিবলৈ কৈছিল শিল্পীগৰাকীয়ে ৷