গুৱাহাটী:দেশে উলহ-মালহৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰাৰ সময়তেই পুৱাই গুৱাহাটী মহানগৰীত সংঘটিত হয় দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা । দেওবাৰে পুৱা মহানগৰীৰ বেহাৰবাৰী আৰু আই এছ বি টিৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ প্ৰসংগত আলফা স্বাধীনে ইতিমধ্য়ে মেইলযোগে নিজৰ স্থিতি স্পষ্ট কৰাৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
এই বোমা বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ বিজেপিয়ে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈছিল । আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই হিমন্ত বিশ্ব শৰ্মা এজন প্ৰাক্তন আলফা মুখ্যমন্ত্রী হোৱাৰ বাবে প্ৰথমটো ২৬ জানুৱাৰীত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সমৰ্থন আগবঢ়াই কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যত ভাগ লোৱা নাছিল । অৰ্থাৎ আলফাৰ পৰা এটা প্ৰস্তাৱ আহিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমৰ স্থায়ী শান্তিৰ পথ প্ৰশস্ত হ'ব । সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই আলফাই বন্ধ দিয়া নাই বুলি গৌৰৱ কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাই আলফাৰ শিবিৰলৈ চোৰাংচোৱা পঠিয়াই পুনৰ সংঘাত আৰম্ভ কৰিলে ।"
গণৰাজ্য দিৱসৰ দিনা পুৱাৰ ভাগত গুৱাহাটীত বিস্ফোৰণ সংঘটিত হোৱা ঘটনা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়," ইয়াৰ পৰা এইটোৱেই পতিয়মান হয় যে বিজেপিয়ে অসমৰ স্থায়ী শান্তি নিবিচাৰে । অশান্তিৰ মাজেৰে ৰাজ্যখনত এক অস্বস্থিকৰ পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে ক্ষমতাত বৰ্তি থাকিব বিচাৰে । বিজেপিক বন্দুকৰ গুলীৰ পৰা ওলোৱা গোন্ধৰ সুবাস লাগে । হয় আলফাই ফুটাওক নহয়, পুলিচে ফুটাওক । তেনেকুৱা সুবাস বিজেপিয়ে ভাল পায় ।"