অসম

assam

ETV Bharat / state

বিশিষ্ট কবি, সাহিত্যিক পেঞ্চনাৰ, সংগঠক যোগমায়া গগৈলৈ ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২৪ - BHOGDOIPARIA LITERATURE AWARD 2024

১২ জানুৱাৰীত যোৰহাটত অনুষ্ঠিত হ'ব লগা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত সাহিত্যিকগৰাকীক এই বঁটা প্রদান কৰা হ'ব ৷

BHOGDOIPARIA LITERATURE AWARD 2024
যোগমায়া গগৈলৈ ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২৪ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 10:57 PM IST

যোৰহাট: লাৱণ্য দত্ত হাজৰিকা-বোধেশ্বৰ হাজৰিকা সোঁৱৰণী 'ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২৪’ এইবাৰ আগবঢ়োৱা হৈছে বিশিষ্ট কবি, সাহিত্যিক পেঞ্চনাৰ, সংগঠক যোগমায়া গগৈলৈ ৷ অহা ১২ জানুৱাৰীত যোৰহাটত অনুষ্ঠিত হ'ব লগা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত সাহিত্যিকগৰাকীক এই বঁটা প্রদান কৰা হ'ব বুলি আজি জানিবলৈ দিছে উদ্যোক্তাসকলে ।

মানসম্পন্ন, পৰিশীলিত সাহিত্য-চৰ্চা আৰু ব্যাপ্তি সাধনাৰ এক পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে গঠিত হোৱা 'ভোগদৈপৰীয়া কবিকণ্ঠ'ই প্ৰতিবছৰে এগৰাকী বিশিষ্ট ব্যক্তিক 'ভোগদৈপৰীয়া সাহিত্য বঁটা' প্রদান কৰি আহিছে । লাৱণ্য দত্ত হাজৰিকা আৰু বোধেশ্বৰ হাজৰিকাৰ স্মৃতিত বিশিষ্ট যুৱলেখক অৰূপজ্যোতি হাজৰিকাই প্ৰদান কৰা এই বিশেষ বঁটাটিত আছে নগদ পাঁচ হাজাৰ টকা, এটি স্মাৰক, চেলেং, গামোচা, সঁফুৰা, ফুলাম জাপি, গ্ৰন্থৰ টোপোলাসহ এখন সম্বর্ধনা পত্র ।

১৯৪৮ চনত জন্মগ্ৰহণ কৰা তথা বর্তমান দেৱীচৰণ বৰুৱা মহাবিদ্যালয় ছাত্রী নিৱাস পথৰ বাসিন্দা লেখিকাগৰাকীয়ে ২০১৫ ৰাজ্য চৰকাৰৰ সাহিত্যিক বঁটা আৰু ২০১৮ চনত সাহিত্যিক পেঞ্চন লাভ কৰিছিল । অসম লেখিকা সংস্থাৰ সভানেত্রী, কার্যকৰী সভানেত্রী, উপ-সভানেত্রী, প্রধান সম্পাদিকা, কোষাধ্যক্ষা, সাংগঠনিক সম্পাদিকা, যুটীয়া সম্পাদিকাৰ দৰে গুৰু দায়িত্ব পালন কৰা যোগমায়া গগৈয়ে যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি হিচাপেও কার্যনির্বাহ কৰিছিল ।

কুশল নগৰ মহিলা সমাজৰ প্রতিষ্ঠাপক সাহিত্যিকগৰাকীয়ে ১৪ খনকৈ গ্ৰন্থ প্রণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে । পাঁচখনৰো অধিক গ্ৰন্থ সম্পাদনা কৰা সাহিত্যিকগৰাকীক সদৌ অসম কবি সন্মিলনে কাব্য নন্দিনী, যোৰহাট জিলা কবি সন্মিলনে কাব্যপ্রভা আৰু গতি সাংস্কৃতিক গোষ্ঠীয়ে জীৱনজোৰা সাধনা বঁটা প্রদান কৰিছিল । অসম লেখিকা সংস্থা, অসম সাহিত্য সভা, সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্য যোগমায়া গগৈক বিভিন্ন সময়ত বিভিন্ন সামাজিক অনুষ্ঠানে সম্বর্ধনা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক:দুই বিশিষ্ট ব্যক্তিলৈ ২০২৩-২০২৪ বৰ্ষৰ সন্মানীয় ‘ৰূপকাৰ বঁটা’

ABOUT THE AUTHOR

...view details