যোৰহাট: যোৰহাটবাসীৰ স্বাভিমান ভোগদৈ নদীৰ কদৰ্য ৰূপে আজি চিন্তিত কৰিছে সচেতন ৰাইজক । ভোগদৈ নদীক সন্মুখত লৈয়ে যোৰহাটবাসীয়ে নিজৰ জীৱনধাৰণ প্ৰণালী আৰম্ভ কৰি আহিছে । ভোগদৈতেই তেওঁলোকৰ বহু সপোন নিহিত হৈ থাকে । কিন্তু স্বাভিমানৰ নদীখন এতিয়া মৃত্যুৰ দুৱাৰদলিত ।
মানুহে আজি ভোগদৈ নদীত জাৱৰ-জোঁঠৰ, মল-মূত্ৰ পেলাই অপৰিস্কাৰ কৰিছে । ইয়াৰ বক্ষ বাম কৰি পেলোৱাৰ ফলত ক্ষণে ক্ষণে মৃত্যুৰ দিশে ধাৱমান হোৱা ভোগদৈক ৰক্ষা কৰিবলৈ ওলাই আহিল যুৱ বাহিনী ।
প্ৰদূষিত ভোগদৈ নদী পুনৰুদ্ধাৰ অভিযান (ETV Bharat Assam) যোৰহাট অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা আয়ুক্তৰ পৃষ্ঠপোষকতাত প্ৰশিক্ষণপ্ৰাপ্ত এদল অসামৰিক প্ৰতিৰক্ষা বিভাগত অস্থায়ীভাৱে নিয়োজিত কৰ্মীয়ে সোমবাৰৰ পৰা আৰম্ভ কৰিছে ভোগদৈৰ বক্ষ পৰিস্কাৰ অভিযান ।
প্ৰশিক্ষণপ্ৰাপ্ত এইসকল কৰ্মচাৰীয়ে দহদিনীয়া কাৰ্যসূচী লৈ উক্ত কামত নামি পৰিছে । পূৰ্ণোদ্য়মে এইসকল কৰ্মচাৰীয়ে ভোগদৈত নামি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে । সোমবাৰে ভোগদৈ পৰিস্কাৰ কাৰ্যসূচী মুকলি কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু জিলা আয়ুক্ত জয় শিবানীয়ে ।
আনহাতে, এই কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয়," মই বহু বছৰ ধৰি যোৰহাট সমষ্টিৰ বিধায়কৰ আসন শুৱনি কৰি আহিছো আৰু এই কাম কৰিবলৈ বহু চেষ্টা কৰিছিলো । সফল হোৱা নাছিলো । কিন্তু এই যুৱ বাহিনীয়ে গ্ৰহণ কৰা এনে পদক্ষেপ সঁচাই প্ৰশংসনীয় আৰু তেওঁলোকৰ কাম-কাজত যি প্ৰয়োজন হয় সেয়া মই দিবলৈ প্ৰস্তুত । ভোগদৈক লৈ এক প্ৰস্তাৱ চৰকাৰক দিয়া হৈছে । শীঘ্ৰে সেই প্ৰস্তাৱক চৰকাৰে আৱন্টন দিব । তেতিয়া ভোগদৈক লৈ দেখা সপোন বাস্তৱত প্ৰতিফলিত হ'ব ।"
আনহাতে, অসামৰিক প্ৰতিৰক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰাৰ লগতে ভোগদৈক লৈ যি পৰিকল্পনা আছে সেয়া নজৰত আছে বুলি কয় জিলা আয়ুক্ত জয় শিৱানীয়ে । উল্লেখ্য যে স্বৰ্গদেউ গৌৰীনাথ সিংহই বিদ্ৰোহী মায়ামৰাৰ হাতৰ পৰা আহোম সম্ৰাজ্য় উদ্ধাৰ কৰাৰ পাছত গড়গাঁও আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল । সেই ৰাজধানীৰ কাষতে এখন নৈৰ আৱশ্যকতা অনুভৱ কৰি পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে ভোগ দি খান্দি নগা পাহাৰৰ পৰা যোৰহাটৰ মাজেৰে বোৱাই আনি ব্ৰহ্মপুত্ৰত পেলাইছিল । ভোগ দি নদীখন খন্দা বাবে ইয়াৰ নাম ভোগদৈ হ'ল ।