অসম

assam

ETV Bharat / state

দেৰগাঁৱৰ ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্তক কলকাতাত গ্ৰেপ্তাৰ - Online Trading Scam - ONLINE TRADING SCAM

Online Trading Scam: ট্ৰেডিঙৰ নামত ২০০ৰো অধিক লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল দেৰগাঁৱৰ ভাস্কৰ ভূষণ বৰুৱাই । ভাস্কৰৰ সহযোগীক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । কলকাতাত আত্মগোপন কৰি থকা ভাস্কৰক অৱশেষত গ্ৰেপ্তাৰ ।

Online Trading Scam
দেৰগাঁৱৰ ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্তক কলকাতাত গ্ৰেপ্তাৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 1:54 PM IST

গোলাঘাট,২৩ ছেপ্টেম্বৰ :অনলাইন ট্ৰেডিং কেলেংকাৰীক লৈ ৰাজ্যত ব্যাপক বিতৰ্ক অব্যাহত আছে । শেহতীয়াকৈ আৰক্ষীয়ে ট্ৰেডিং কেলেংকাৰী গোচৰত বিভিন্নজনক গ্ৰেপ্তাৰ কৰিছে । এইবাৰ পুনৰ আৰক্ষীৰ জালত পৰিল আন এজন অভিযুক্ত । কলকাতাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাস্কৰ ভূষণ বৰুৱা নামৰ অভিযুক্তটোক ।

কলকাতাত আত্মগোপন

অভিযোগ অনুসৰি গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৰাই ট্ৰেডিঙৰ বৃহৎ জাল পেলাই কোটি কোটি টকা আত্মসাৎ কৰিছিল ভাস্কৰে । যোৱা ৪ ছেপ্টেম্বৰত এই কথা পোহৰলৈ আহিছিল । বিভিন্নজনৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ আছে ভাস্কৰ ভূষণ বৰুৱাৰ বিৰুদ্ধে । তেওঁৰ বিৰুদ্ধে ভুক্তভোগী এজাহাৰ দাখিল কৰাৰ পিচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । কিন্তু তাৰ মাজতে ভাস্কৰে পলায়ন কৰে । পলাতক ভাস্কৰক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছিল ।

আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য লাভ কৰিছিল যে ভাস্কৰে চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ পলায়ন কৰিছে । সেই খবৰৰ ভিত্তিত অৱশেষত অসম আৰক্ষীয়ে কলকাতাৰ পৰা ভাস্কৰ ভূষণ বৰুৱাক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে ভাস্কৰক লৈ আৰক্ষীয়ে কলকাতাৰ পৰা দেৰগাঁও অভিমুখে ৰাওনা হৈছে । অৱশ্যে আৰক্ষীয়ে সংবাদ মাধ্যমক এই সন্দৰ্ভত মুকলিকৈ কোনো ধৰণৰ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ।

ইফালে অভিযোগ অনুসৰি ভাস্কৰ ভূষণ বৰুৱাই তেওঁৰ আত্মীয় শশাংক বৰুৱাৰ যোগেদি দেৰগাঁও অঞ্চলত প্ৰায় ২০০ৰো অধিক লোকৰ পৰা ট্ৰেডিঙৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল । আৰক্ষীয়ে ইতিমধ্যে শশাংক বৰুৱাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । ভাস্কৰ ভূষণ বৰুৱাক লৈ আৰক্ষীৰ দলটো অসমত উপস্থিত হোৱাৰ পিচত হে সকলো তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :অনলাইন ট্ৰেডিঙৰ নামত আত্মীয়কো এৰা নাছিল দীপাংকৰে; তথ্য বিচাৰি নলবাৰীত মহানগৰ আৰক্ষীৰ অভিযান - Online trading

ABOUT THE AUTHOR

...view details