অসম

assam

ETV Bharat / state

এটিএমলৈ যাওঁতে সাৱধান হওক; নহ'লে আপুনিও হ'ব পাৰে প্ৰৱঞ্চনাৰ বলি

আপুনি সঘনাই এটিএম ব্যৱহাৰ কৰে নেকি ? তেনেহ'লে সাৱধান হওক । নহ'লে পৰিব পাৰে বিপদত ।

ATM Fraud
এটিএমলৈ যাওঁতে সাৱধান হওক (ETV Bharat File Photo)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 4:18 PM IST

গুৱাহাটী :এটিএম ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক । নহ'লে পৰিব পাৰে বিপদত । কিয়নো গুৱাহাটী মহানগৰীত এতিয়া এটিএমলৈ যোৱা গ্ৰাহকক লক্ষ্য কৰি লৈছে প্ৰৱঞ্চকে । ৰাজ্যৰ ৰাজধানী ভৰি পৰিছে বহিঃৰাজ্যৰ প্ৰৱঞ্চকেৰে ।

এটিএমলৈ যোৱা গ্ৰাহকক কিদৰে জালত পেলায় প্ৰৱঞ্চকে

বিভিন্ন কৌশলেৰে প্ৰৱঞ্চকে হাজাৰ হাজাৰ টকা লুট কৰি অহাৰ লগতে এটিএমলৈ যোৱা গ্ৰাহকক লক্ষ্য কৰি লৈছে । এটিএমত কার্ড সোমাই ৰোৱা গ্রাহকৰো ধন লুণ্ঠনত উঠি-পৰি লাগিছে এই প্ৰৱঞ্চকৰ দলটো । প্ৰৱঞ্চকে অতি কৌশলেৰে গুৱাহাটীত বহু এটিএম বুথৰ হেল্পলাইন নম্বৰত নিজৰ নিজৰ নম্বৰ লিপিবদ্ধ কৰিছে । এই নম্বৰত ফোন কৰাৰ পিচতে অতি কৌশলেৰে বেংকৰ গ্ৰাহকৰ ধন লুণ্ঠন কৰিছে ।

এনে এটা ঘটনা মহানগৰীৰ লাচিত নগৰত সংঘটিত হৈছে । মহানগৰীৰ লাচিত নগৰত থকা এটা এছ বি আইৰ এটিএমত সংঘটিত হয় এই ঘটনা ।

ঘটনা সন্দর্ভত ভুক্তভোগী নবেন্দু ভট্টাচার্যই জনায়, "মঙলবাৰে পুৱা ১০.১৫ বজাত পত্নী টুম্পা ভট্টাচাৰ্যৰ কানাড়া বেংকৰ এটিএম কার্ডেৰে লাচিত নগৰৰ এছ বি আইৰ এটিএমৰ পৰা ধন উলিয়াবলৈ যাওঁ । কার্ডখন এটিএম মেচিনত সুমুৱাই দিয়াৰ পিচতে তাত সোমাই ৰয়, উলিয়াব নোৱৰা হওঁ । মই হতভম্ব হৈ বুথটোৰ ভিতৰত থকা হেল্পলাইন নম্বৰত ফোন কৰো যদিও কোনো সঁহাৰি নাপাওঁ ।"

তেওঁ কয়, "তাৰ পিছত সেই হেল্পলাইন নম্বৰৰ তলত চিয়াঁহীৰে লিখি থোৱা আন এটা নম্বৰত ফোন কৰো । নম্বৰটো হৈছে ৭৪৬১০-৫৬৩৭১ । হিন্দীত কথা পতা ব্যক্তিজনক বিষয়টো অৱগত কৰো । তেতিয়া বিপৰীত ফালৰ পৰা মোক এটিএম কার্ড লগোৱা স্থানৰ তলতে থকা বুটামটো টিপিবলৈ কৈ মোক পিন নম্বৰটো মাৰিবলৈ কয় । তেওঁলোকে কোৱা অনুসৰি এই কাম মই কৰি যাওঁ । কিন্তু তাৰ পিচতো এটিএম খন ওলাই নহাত তেওঁ ফোনৰ সিটো মূৰৰ পৰা বৰা ছাৰ্ভিচত থকা এটিএমটোৰ ওচৰলৈ যাবলৈ কয় ।"

কেনেদৰে প্ৰৱঞ্চনাৰ বলি হ'ল সেই কথা উল্লেখ কৰি তেওঁ কয়, "বৰা ছাৰ্ভিচৰ এটিএমটোৰ ওচৰত এক্সপাৰ্ট থকা বুলি কয় । তাৰ পিচত মই বৰা ছাৰ্ভিচৰ এটিএমটোলৈ যাওঁ যদিও তাত কোনো লোক প্ৰত্যক্ষ নকৰাত লগে লগে উক্ত নম্বৰটোত ফোন কৰো যদিও কোনো সঁহাৰি নোপোৱাত গম পাওঁ যে মই প্ৰৱঞ্চনাৰ বলি হৈছো ।"

ইয়াৰ পিচত লগে লগে তেওঁ পুনৰ লাচিত নগৰৰ এটিএমটোলৈ যায় যদিও প্ৰৱঞ্চকে এটিএম কাৰ্ডখনৰ সৈতে ৯৩ হাজাৰ টকা উলিয়াই লৈ যায় । ইফালে এই ঘটনা সন্দৰ্ভত তেওঁ পল্টনবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

তেওঁ লগতে কয়, "এছ বি আইৰ গাফিলতিৰ বাবেই প্ৰৱঞ্চনাৰ বলি হ'বলগা হ'ল । কিয়নো এছ বি আইৰ হেল্পলাইন নম্বৰটোত ফোনটো লাগিলে প্ৰৱঞ্চনাৰ বলি নহ'লো হয় । তদুপৰি প্ৰৱঞ্চকে যিটো নম্বৰ বগা কাগজত লিখি থৈছিল সেইটো বেংকৰ মানুহেও লক্ষ্য কৰা নাছিল । বেংকৰ গাফিলতিৰ বাবেই গ্ৰাহক প্ৰৱঞ্চনাৰ বলি হ'বলগা হৈছে ।"

লগতে পঢ়ক :অসমৰ ভূমিত নগাৰ দপদপনি; অসমীয়াক গুৰুলাগুৰুলকৈ প্ৰহাৰ
লগতে পঢ়ক :চৰকাৰী নিৰ্দেশ অমান্য; ৫ এ চি এছ বিষয়াক নিলম্বন

ABOUT THE AUTHOR

...view details