অসম

assam

ETV Bharat / state

লেপেটকটা গেছ ক্ৰেকাৰে বিপদ মাতিছে কৃষকলৈ - উদ্যোগে বিপদ মাতিছে কৃষকলৈ

Air pollution in Moran: উদ্যোগে সম্ভাৱনা আনিলেও বিপদ মাতিছে কৃষকলৈ । লেপেটকটা গেছ ক্ৰেকাৰৰ বিষাক্ত ক'লা ধোঁৱাই আৱৰিছে ডিব্ৰুগড়ৰ আকাশ । মৰাণৰ খোৱাঙত শ শ বিঘা ৰবি শস্যৰ খেতি অনিষ্ট হোৱাৰ অভিযোগ কৃষকৰ ।

Industry is threatening the farmers in Moran
উদ্যোগে বিপদ মাতিছে কৃষকলৈ

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 2:34 PM IST

উদ্যোগে বিপদ মাতিছে কৃষকলৈ

মৰাণ,১৭ ফেব্ৰুৱাৰী:উদ্যোগ স্থাপনে দেশ তথা ৰাজ্যৰ অৰ্থনীতিলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে । বহু নিবনুৱাই লাভ কৰিছে সংস্থাপন । পিছে উদ্যোগীকৰণৰ ফলত কিছু কিছু ক্ষেত্ৰত সমস্যা সন্মুখীন হৈছে অসমৰ ৰাইজ । গোলকীকৰণ, উদ্যোগীকৰণৰ ফলত বৰ্তমান প্ৰকৃতিলৈ যথেষ্ট প্ৰত্যাহ্বান নামি আহিছে ৷ উন্নত প্ৰযুক্তিৰে আমি যিমানেই আগুৱাই গৈছো সিমানেই যেন হ্ৰাস পাইছে প্ৰকৃতিৰ ভাৰাসাম্যতা ৷ ইয়াৰ মাজতে উজনি অসমৰ ডিব্ৰুগড়ৰ লেপেটকটাত স্থাপিত গেছ ক্ৰেকাৰৰ পৰা ব্যাপক বায়ু প্ৰদূষণ হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

এই প্ৰদূষণৰ প্ৰভাৱ কৃষি পথাৰতো পৰিছে বুলি কৃষক সকলে অভিযোগ উত্থাপন কৰে । মৰাণৰ খোৱাঙত শ শ বিঘা ৰবি শস্যৰ খেতি অনিষ্ট কৰিছে গেছ ক্ৰেকাৰৰ ক'লা ধোঁৱাই । খোৱাং মইনা গাঁ‌ৱত বুঢ়ীদিহিঙৰ কাষত কৰা ৰঙালাও, মটৰ, ফ্ৰেছবীন, সৰিয়হ আদি ৰবি শস্যত কৃষকে বাৰুকৈয়ে লোকচানৰ সন্মুখীন হৈছে । সাৰ, ঔষধ প্ৰয়োগ কৰাৰ পিছতো গছবোৰত ফচল নলগা হৈছে বুলি উল্লেখ কৰে কৃষকসকলে ।

প্ৰায় চাৰি বছৰ মানৰ পৰা দেখা দিয়া এই সমস্যাত দিশহাৰা হৈ পৰিছে কৃষকসকল । মূলতঃ গেছ ক্ৰেকাৰৰ পৰা ওলোৱা বিষাক্ত ক'লা ধোঁৱাৰ বাবেই এই সমস্যা সৃষ্টি হৈছে বুলি কৃষক সকলে সন্দেহ প্ৰকাশ কৰিছে । বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৮০ শতাংশ লোক কৃষিৰ সৈতে জড়িত । কৃষি কৰ্ম কৰিয়েই পৰিয়াল চলাই নিছে। তেনেস্থলত কৃষিভূমিত দেখা দিয়া এই সমস্যাই কৃষকসকলক বিপাঙত পেলাইছে । চৰকাৰ আৰু কৃষি বিভাগৰ পৰা ইয়াৰ কিছু সমাধান আশা কৰিছে কৃষক ৰাইজে ।

লগতে পঢ়ক:বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ড চিৰদিনৰ বাবে বন্ধ কৰাৰ দাবী

ABOUT THE AUTHOR

...view details