কোকৰাঝাৰ, 12 এপ্ৰিল : কোকৰাঝাৰৰ নিকটৱৰ্তী হৰিণাগুৰিৰ বাওঁখুংগ্ৰী পাহাৰৰ দাঁতিত আজি অৰ্থাৎ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে 11 সংখ্যক বাওঁখুংগ্ৰী মহোৎসৱ ৷ উল্লেখ্য যে চ’তৰ সংক্ৰান্তিৰ দিনা বাওঁখুংগ্ৰী পাহাৰ বগাই ভগৱান শিৱৰ আশীষ লৈ বছৰটোলৈ সু-স্বাস্থ্যৰ গৰাকী হোৱাৰ লগতে মনোকামনা পূৰ্ণ হয় বুলি এক জনবিশ্বাস তথা পৰম্পৰা বড়ো সমাজত পূৰ্বৰে পৰা চলি আহিছে ৷ এই প্ৰাচীন পৰম্পৰাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বছৰৰ দৰে এইবেলিও বাওঁখুংগ্ৰী মহোৎসৱ বি টি আৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ৷
বি টি আৰ চৰকাৰৰ উদ্যোগত 12 আৰু 13 এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা বাঁওখুংগ্ৰী মহোৎসৱৰ আজি মুখ্যদ্বাৰ উদ্বোধনেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সুভুং বসুমতাৰীয়ে ৷ বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই বাওঁখুংগ্ৰী উৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল যেনে খোমলাইনায়, ঘিলাযুঁজৰ লগতে পাহাৰ বগোৱা, চাইক্লিং আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷