বৰপেটা, ৪ ফেব্ৰুৱাৰী:ৰাজ্যৰ চৰকাৰী চিকিৎসাখণ্ডক ৰাইজৰ অধিক ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শনিবাৰে বৰপেটাৰ জ্যেষ্ঠ নাগৰিক, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, সাংবাদিকৰ লগত হাস্পতাল কৰ্তৃপক্ষৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে । চিকিৎসা মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে হাস্পতালখনৰ কৰ্তৃপক্ষই ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপলব্ধ সা-সুবিধাসমূহৰ বিষয়ে অৱগত কৰে ।
একেদৰে উপস্থিত লোকসকলৰ পৰা বিভিন্ন অভাৱ-অভিযোগৰো বুজ লয় । এই অনুষ্ঠানটোৱে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক নতুন গতি প্ৰদানত বিশেষভাৱে সহায় কৰিব বুলি অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে কয় ।
ডাঃ তালুকদাৰে লগতে সদৰী কৰে যে ২০১০ চনত স্থাপিত চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান দৈনিক বৰ্হিঃবিভাগৰ ৰোগীৰ গড় সংখ্যা পূৰ্বৰ চাৰিশৰ পৰা এহেজাৰলৈ বৃদ্ধি হৈছে । ইয়াৰ উদাহৰণ হিচাপে ডাঃ তালুকদাৰে কয় যে ২০১৯ চনত চিকিৎসা মহাবিদ্যালয়খনত বৰ্হিঃবিভাগৰ মুঠ ৰোগীৰ সংখ্যা আছিল ১ লাখ ৮৭ হাজাৰ ৮২৬ গৰাকী । সেই সংখ্যা ২০২৩ চনত ২ লাখ ২৪ হাজাৰ ৮০৫ গৰাকীলৈ বৃদ্ধি হয় ।