নগাঁও:নগাঁৱত সংঘটিত এক লোমহৰ্ষক দিন-ডকাইতিয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ । দিন-দুপৰতে বেংকৰ এগৰাকী এজেন্টক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধন লুটি নিয়াৰ এক ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ ইছলামপট্টিত । মঙলবাৰে দুপৰীয়া বন্ধন বেংকত ধন জমা দিবলৈ এজন লোক আহি থকা অৱস্থাতে তিনিজনীয়া দুৰ্বৃত্তৰ এটা দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুটি নিয়ে ধনখিনি ।
দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত ক্ষত-বিক্ষত হয় বনমালি চন্দ্ৰ নামৰ এজেণ্টজনৰ হাত । ইছলামপট্টিৰ পৰা বনমালিয়ে কিস্তিৰ ধন সংগ্ৰহ কৰি বন্ধন বেংকৰ হয়বৰগাঁও শাখাত জমা দিবলৈ অহাৰ পথতেই দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে । বেংকৰ এজেণ্ট বনমালি চন্দ্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ভয়ংকৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰে স্থানীয় এগৰাকী লোকে ।
লগে লগে সমগ্ৰ অঞ্চলটোতেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰিবলৈ সক্ষম হয় । দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত আহত হোৱা বনমালি চন্দ্ৰক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ অৱশ্যে পিছত তেওঁক নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় ।