অসম

assam

মাইনাও ব্ৰহ্মৰ ট্ৰেডিং কেলেংকাৰী; বাক্সা আৰক্ষীয়ে লাভ কৰিছে ১.৯৭ কোটিৰ তথ্য - Baksa trading scam

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 10:46 PM IST

Baksa SP on Trading Fraud : বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে মূল অভিযুক্ত মাইনাও ব্ৰহ্ম । আনহাতে, এই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টৰ সৈতে গ্ৰেপ্তাৰ হৈছে আন দুজন । কিন্তু অভিযুক্তৰ পৰা আৰক্ষীয়ে কি তথ্য লাভ কৰিছে ? এই সন্দৰ্ভত এক সংবাদমেলযোগে জনায় বাক্সা জিলা আৰক্ষী অধীক্ষকে ।

Baksa SP on Trading Fraud
বাক্সা আৰক্ষীয়ে লাভ কৰিছে ১.৯৭ কোটিৰ তথ্য (ETV Bharat Assam)

বাক্সা, ১৬ ছেপ্টেম্বৰ : ৰাজ্যজুৰি শেহতীয়াভাৱে ট্ৰেডিঙৰ নামত কেলেংকাৰী তথা ধন আত্মসাতৰ বিভিন্ন ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আছে । এনে ধৰণৰ ট্ৰেডিং কেলেংকাৰীৰ এগৰাকী অভিযুক্ত হৈছে বাক্সা জিলাৰ মুছলপুৰৰ মাইনাও ব্ৰহ্ম নামৰ এগৰাকী মহিলা । তেওঁৰ বিৰুদ্ধে বাক্সা জিলাৰ আঠ হাজাৰৰো অধিক লোকক নিজৰ জমাধন চাৰিগুণ দিয়াৰ প্ৰলোভনেৰে ১০০ কোটিৰো অধিক ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে ।

মাইনাও ব্ৰহ্মৰ ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত বাক্সা এছ পিৰ সংবাদমেল (ETV Bharat Assam)

অৱশ্যে কেইবাদিনো আত্মগোপন কৰি থকাৰ পিচত অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় প্ৰৱঞ্চক মাইনাও ব্ৰহ্ম । ইয়াৰ উপৰি তেওঁৰ ঘনিষ্ঠ তথা ট্ৰেডিং কাণ্ডৰ মাষ্টাৰমাইণ্ড, আই চি আই চি আই বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী দীপাংকৰ ভট্টও আৰক্ষীৰ জালত পৰে । আন দুগৰাকী কেলেংকাৰীত অভিযুক্ত চুমিত বৰ্মন আৰু জ্যোতিষ্মান শৰ্মাও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় । এই চাৰিওগৰাকীকে পৰৱৰ্তী সময়ত আদালতে সাত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত সোমবাৰে বাক্সা জিলা আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতীম বৰুৱাই এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত তেওঁ জানিবলৈ দিয়ে, "এতিয়ালৈকে ওঠৰগৰাকী বিনিয়োগকাৰীয়ে মুছলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ বৰ্তমানলৈকে ১ কোটি ৯৭ লাখ টকাৰ তথ্য বাক্সা আৰক্ষীয়ে লাভ কৰিছে । লগতে কেইবাখনো বিলাসী গাড়ীও ইতিমধ্যে জব্দ কৰা হৈছে ।"

উল্লেখ্য যে মুছলপুৰ আৰক্ষী থানাৰ ১০২/২০২৪ গোচৰৰ ভিত্তিত কেলেংকাৰীৰ মূল অভিযুক্ত ক্ৰমে দীপাংকৰ ভট্ট, মাইনাও ব্ৰহ্ম, চুমিত বৰ্মন আৰু জ্যোতিষ্মান শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আনহাতে, আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতীম বৰুৱাই জানিবলৈ দিয়ে, "বিনিয়োগকাৰীৰ তথ্য বিচাৰি আয়কৰ বিভাগৰ কাৰ্যালয়ৰ জৰিয়তে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব ৷ দুষ্টচক্ৰই সাধাৰণ মানুহৰ পৰা কেনেধৰণে টকা সৰকাব পাৰে তাৰে সুযোগ বিচাৰি ফুৰে ৷ একো নজনাকৈ ৰাইজক য'তে ত'তে নিজৰ সাঁচতীয়া ধন বিনিয়োগ নকৰিবলৈ আহ্বান জনালোঁ ৷"

অৱশ্যে বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰা ধন ক'ত বিনিয়োগ কৰিছে সেই বিষয়ে কোনো তথ্য প্ৰকাশ নকৰিলেও বিশেষকৈ ভূমি ক্ৰয়ত খটুৱাইছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :মাইনাও ব্ৰহ্মক বিচাৰি পালে আৰক্ষীয়ে: এতিয়াও পলাতক তেওঁক সহযোগ কৰা অভিযুক্ত দীপাংকৰ - online trading fraud
লগতে পঢ়ক :মাইনাও ব্ৰহ্মৰ বাসগৃহ ছীল কৰিলে প্ৰশাসনে - Investment Scam in Assam

ABOUT THE AUTHOR

...view details