সৰুপথাৰ:সৰুপথাৰত দিনকদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । চোৰৰ উপদ্ৰৱে নিদ্ৰা হৰিছে সাধাৰণ ৰাইজৰ । বাইকত অহা দুই চিলনী চুৰে লুটি নিলে ৫ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ । নাৰায়ণ দেৱনাথ নামৰ সোণৰ ব্যৱসায়ীৰ বাইকৰ পৰা লুটি নিয়ে সোণৰ অলংকাৰসমূহ । সৰুপথাৰ নগৰ মাজমজিয়াত সংঘটিত হয় এই ঘটনা । নাৰায়ণ দেৱনাথ নামৰ লোকজনে সৰুপথাৰ নগৰৰ মাজমজিয়াত বাইক ৰখাই মিঠাই কিনিবলৈ যাওঁতেই থপিয়াই লৈ যায় সোণৰ অলংকাৰ থকা বেগটো । ইতিমধ্যে সৰুপথাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
ঘটনা সন্দৰ্ভত নাৰায়ণ দেৱনাথে কয়,"নিতৌ পুৱা ৯/১০ মান বজাত মই অলংকাৰৰ দোকান খুলিবলৈ আহিছিলোঁ । আজি পুৱা দোকান খুলিবলৈ অহাৰ পূৰ্বে মিঠাইৰ দোকানত মিঠাই কিনিবলৈ সোমাইছিলোঁ । লগত আছিল অলংকাৰৰ এটা বেগ । য'ত বহুতো লোকে গঢ়িবলৈ দিয়া গহনাকে ধৰি সোণৰ আ-অলংকাৰ আছিল । মিঠাই লৈ দোকান খুলিবলৈ যোৱাৰ কথা আছিল । তেনেতে মটৰচাইকেলত অহা দুজন ব্যক্তিয়ে কাঢ়ি নিয়ে গহনাৰ বেগটো ।"