নগাঁও, 4 ফেব্ৰুৱাৰী : "মই আগতেই কৈছো কংগ্ৰেছ দলটো দল বাগৰা দল ৷আজি ইফালে বাগৰিলে কাইলৈ সিফালে বাগৰে ৷ কংগ্ৰেছে মুছলমানসকলৰ বাবে কেৱল জেইল আৰু ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিছিল । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ভাট্টা নল’লে ঘৰ নচলে কংগ্ৰেছীৰ । নহ’লে কংগ্ৰেছৰ নেতাই পত্নীৰ খেদা খাব লাগে ৷" ধিঙত কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল বদৰুদ্দিন আজমল ৷
শনিবাৰে নিশালৈকে নগাঁৱৰ ধিং সমষ্টিত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফ দলৰ এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও বিস্ফোৰক মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে । সংবাদ মাধ্যমৰ আগত বদৰুদ্দিন আজমলে কয় যে, বিগত সময়ত শাসনৰ গাদীত থকাৰ সময়তেই মুছলমানৰ মূৰত বাংলাদেশীৰ লেবেল লগাইছিল কংগ্ৰেছ চৰকাৰে। বিগত 60 বছৰে মুছলমানসকলক কেৱল প্ৰতাৰণা কৰি অহা কংগ্ৰেছে মুছলমানসকলৰ বাবে কেৱল ডিটেনশ্যন কেম্প আৰু জেইল নিৰ্মাণ কৰিলে ৷
কেৱল এয়াই নহয় আৰু এখোজ আগুৱাই গৈ কংগ্ৰেছীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰি সাংসদ বদৰুদ্দিন আজমলে কয় যে, বৰ্তমান কোনো প্ৰকৃত কংগ্ৰেছী নাই। কংগ্ৰেছত থকাসকলে এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লোৱা ভাট্টাৰে ঘৰ চলাবলগীয়া হয় । মুখ্যমন্ত্ৰী শৰ্মাৰ পৰা ভাট্টা নল’লে কংগ্ৰেছী সকলে পত্নীৰ পৰা খেদা খাব লাগে বুলিও কটাক্ষ কৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে।