অসম

assam

আউনিআটী বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ বাবে আয়োজন উপহাৰ কুপন খেল

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 7:13 AM IST

Auniati University lottery 2024 : বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ অৰ্থে আউনিআটী বিশ্ববিদ্যালয় উন্নয়ন আৰু আৰ্থিক পৰিকল্পনা কমিটীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । ১২ খনকৈ চাৰিচকীয়া বিলাসী বাহন লাভ কৰিব পাৰিব টিকট ক্ৰেতাই ।

Construction of Auniati University
আউনিআটী বিশ্ববিদ্যালয় উন্নয়ন কমিটী

আউনিআটী বিশ্ববিদ্যালয় উন্নয়ন কমিটী

যোৰহাট, ৩ ফেব্ৰুৱাৰী : শিক্ষা অবিহনে মানৱ জীৱন কেতিয়াও সাৰ্থক হৈ উঠিব নোৱাৰে । অতীজৰ পৰাই আমাৰ দেশত মানুহ গঢ়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা হোৱাৰ লগতে উঠি অহা প্ৰজন্মক প্ৰকৃত শিক্ষা প্ৰদান কৰি আহিছে । যোৰহাট জিলাতো প্ৰকৃত মানুহ গঢ়াৰ মূল উদ্দেশ্য আগত লৈ আউনিআটী সত্ৰৰ পৃষ্ঠপোষকতাত টীয়কৰ কলিয়াপানীত নিৰ্মাণকাৰ্য চলি আছে আউনিআটী বিশ্ববিদ্যালয়ৰ । পূৰ্ণগতিত নিৰ্মাণকাৰ্য চলি থকা আউনিআটী বিশ্ববিদ্যালয়ৰ ইতিমধ্যেই প্ৰশাসনিক ভৱন, উপাচাৰ্য ভৱন, প্ৰেক্ষাগৃহৰ নিৰ্মাণকাৰ্য ৭০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে । তদুপৰি শ্ৰেণী কোঠা সমূহৰ নিৰ্মাণ চলি আছে ।

আনহাতে, বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ অৰ্থে আউনিআটী বিশ্ববিদ্যালয় উন্নয়ন আৰু আৰ্থিক পৰিকল্পনা কমিটী শীৰ্ষক এখন কমিটী যোৰহাটত গঠন কৰা হয় । এই কমিটীখনৰ বেনাৰতে আউনিআটী বিশ্ববিদ্যালয় উপহাৰ কুপন খেল পৰিচালনা কমিটী এখন গঠন কৰা হয় । এই কমিটীখন গঠন কৰাৰ মূল উদ্দেশ্য হৈছে উপহাৰ কুপন খেলৰ পৰা যি ধনৰাশি ৰাহি হ'ব সেই ধন আউনিআটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন তথা নিৰ্মাণৰ খাতিৰত বিশ্ববিদ্যালয়ৰ ট্ৰাষ্টিক জমা দিম । এই উপপহাৰ কুপন খেলখন অহা ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।

পূৰ্বতে এই উপহাৰ কুপন খেল যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও যোৰহাট জিলা আয়ুক্তৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিযোগিতাখন টীয়কৰ আউনিআটী সত্ৰৰ চৌহদত অনুষ্ঠিত কৰা হ'ব । পূৰ্বে নিৰ্ধাৰিত ১১ ফেব্ৰুৱাৰীত দিনৰ ২ বজাৰ পৰা টীয়কৰ আউনিআটী সত্ৰৰ চৌহদত অনুষ্ঠিত হ'ব ।

শুক্ৰবাৰে যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত আয়োজিত এক সংবাদমেলত উপহাৰ কুপন খেলৰ স্থান সলনি সন্দৰ্ভত উল্লেখ কৰি এইদৰে ব্যক্ত কৰে আউনিআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে আয়োজন কৰা উপহাৰ কুপন খেল প্ৰতিযোগিতা সমিতিৰ সভাপতি ড৹ পূৰ্ণকান্ত বৰাই ।

সংবাদমেলত ড৹ বৰাই লগতে কয় যে এই প্ৰতিযোগিতাত মুঠ ২৬ টাকৈ পুৰস্কাৰ সন্নিবিষ্ট কৰা হৈছে । ইয়াৰ ভিতৰত ১২ খনকৈ চাৰিচকীয়া বিলাসী বাহন আৰু ৪ খন বাইকৰ লগতে অন্যান্য পুৰস্কাৰ সন্নিবিষ্ট হৈছে । প্ৰতিযোগিতাৰ বাবে ৯ লাখ টিকট ছপা কৰি উলিওৱা হৈছে । সেই অনুসৰি ৯০ হাজাৰ বহি ছপা কৰা হৈছে । এই উপহাৰ কুপন খেলৰ টিকটসমূহ ৰাজ্যৰ ভিন্ন জিলাসমূহলৈ প্ৰেৰণ কৰা হৈছে ।

এই ক্ষেত্ৰত বিভিন্ন সংস্থা, স্বেচ্ছাসেৱী, সংগঠন, এজেন্ট সকলে বিশেষ সহায় কৰিছে । সংবাদমেলত খেল পৰিচালনা সমিতিৰ উপ সভাপতি মাণিক চন্দ্ৰ দত্ত, সম্পাদক ৰিংকুমণি দত্ত, সহ সম্পাদক নীলমণি বৰা উপস্থিত থাকে ।

লগতে পঢ়ক:পুনৰ নিষিদ্ধ হ’ব নেকি ম'হযুঁজ ? ৬ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ত শুনানি

ABOUT THE AUTHOR

...view details