কোকৰাঝাৰ ৫ ফেব্ৰুবাৰী :কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ভবানীপুৰত দুষ্কৃতিকাৰীৰ আক্ৰমণত এগৰাকী যুৱক গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আহত যুৱকজনক ভবানীপুৰ গাঁৱৰ বিশাল দাস (২৩) বুলি জানিব পৰা গৈছে । ঘটনা সংক্ৰান্তত আঘাতপ্ৰাপ্ত যুৱকজনৰ মাতৃ সাৱেত্ৰী দাসে সোমবাৰে বিয়লি কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰি ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায় ৷
মাতৃ সাৱেত্ৰী দাসে কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত পাথৰঘাটৰ নিৱাসী শৰৎ দাসৰ নেতৃত্বত দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত ঘৰলৈ ওভতাৰ পথত ঘৰ পাবলৈ মাত্ৰ কেইশমান মিটাৰ বাকী থকা অৱস্থাত বিশাল দাসক বাটামেৰে মূৰত প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে । প্ৰাণৰ মমতাত বিশাল দাসে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই অহাত দুষ্কৃতিকাৰীসকল পলায়ন কৰে ।
পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিশাল দাসক কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱালৈ চাই চিকিৎসকে নিশাতেই বৰপেটা মেডিকেল কলেজ আৰু হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও শৰৎ দাসে তেওঁৰে একালৰ কৰ্মচাৰী বিশাল দাসক মাৰপিট কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে ।