বৰপেটা:এটিএম কাৰ্ড ব্যৱহাৰ কৰোতে আপুনি সাৱধান হওক ৷ অন্যথা দুষ্ট চক্ৰই আপোনাৰ এটিএম কাৰ্ড ব্যৱহাৰ কৰি হৰলুকি কৰিব পাৰে কৰ্ষ্টোপাৰ্জিত ধন ৷ ৰাজ্য়ৰ প্ৰায়ভাগ ঠাইতেই টিঘিলঘিলাই থকা অপৰাধীয়ে আপোনাৰ পৰা কৌশলেৰে এটিএম কাৰ্ডখন সৰকাই অতি কম সময়ৰ ভিতৰতেই উলিয়াই নিব পাৰে একাউন্টৰ ধন ।
বিভিন্ন ঠাইত এনে অপৰাধীয়ে পিয়াপি দি থকাৰ মাজতেই বৰপেটাত তেনে এক ঘটনা পোহৰলৈ আহিছে ৷ এটিএমত টকা উলিয়াবলৈ যোৱা বেংকৰ গ্ৰাহকৰ পৰা কৌশলেৰে এটিএম কাৰ্ড সৰকাই নিয়ে দুষ্ট চক্ৰৰ এজন সদস্যই ৷ এটিএমত টকা উলিয়াবলৈ যোৱা বেংকৰ গ্ৰাহকৰ পৰা কৌশলেৰে এটিএম কাৰ্ড সৰকাই নিয়া দুষ্ট চক্ৰৰ দল দীৰ্ঘদিনৰ পৰা বৰপেটাত সক্ৰিয় হৈ আহিছে ।
২৫খন এটিএম কাৰ্ডসহ গ্ৰেপ্তাৰ যুৱক (ETV Bharat Assam) আজিও তেনে চক্ৰৰ এজনে বৰপেটা চহৰৰ মাজমজিয়াৰ পাচআলি চ'কত থকা এটিএমৰ পৰা ধন উলিয়াবলৈ যোৱা এজন জ্যেষ্ঠ লোকৰ পৰা কৌশলেৰে এটিএম কাৰ্ড সৰকাই নিয়াৰ চেষ্টা চলায় । কাৰ্ডখন কৌশলেৰে সৰকাই পলায়ন কৰাৰ সময়তেই ভুক্তভোগীয়ে ৰাইজৰ সহযোগত কৰায়ত্ত কৰে ।
ইয়াৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাক্সা জিলাৰ দহ মাইলৰ ধূপগুৰি গাঁৱৰ আমজা শ্বেখৰ পুত্ৰ আখতাৰ হুছেইনক । আৰক্ষীয়ে তালাচী চলোৱাত আখতাৰৰ পৰা বিভিন্ন লোকৰ নামচ থকা ২৫ খন এটিএম কাৰ্ডো উদ্ধাৰ কৰে । আখতাৰে কৌশলেৰে এটিএম কাৰ্ড সৰকাই নিবলৈ চেষ্টা কৰা শিক্ষক কলিমুদ্দিন আহমেদে চকুৰে ভালদৰে মনিব নোৱাৰে । সেইকাৰণে পাচআলি চ'কৰ এটিএমটোত টকা উলিওৱাত অসুবিধা পোৱাত ওচৰতে আহি ঠিয় দিয়া আখতাৰ নামৰ লোকজনে উপযাচি সহায় কৰিবলৈ আহে ।
আখতাৰে টকা উলিয়াই দিয়াত সহায় কৰিব বুলি কাৰ্ডখন বিচাৰে । সেইমতে তেওঁ কাৰ্ডখন দিয়ে । তেতিয়াই আখতাৰে কাৰ্ডখন সলনি কৰি আন এখন দিয়ে । পাছত শিক্ষকগৰাকীয়ে বৰপেটা বাজাৰ এছবিআই শাখাত অন্য এটা এটিএমত টকা উলিয়াবলৈ চেষ্টা কৰি গম পায় যে তেওঁৰ এটিএমখন সলনি কৰা হৈছে। সন্দেহজনকভাৱে আখতাৰো তেওঁৰ পিছে পিছে অহা দেখি তৎক্ষণাতে ৰাইজৰ সহযোগত প্ৰৱঞ্চকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত ৰাইজে আখতাৰক ভাৰতীয় ষ্টেট বেংকৰ মেনেজাৰৰ ওচৰলৈ লৈ যায় । মেনেজাৰগৰাকীয়ে বিষয়টো বৰপেটা আৰক্ষীক অৱগত কৰি আখতাৰক আৰক্ষীক গতাই দিয়ে । বৰপেটা আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।