শিৱসাগৰ, ১১ মে':শিৱসাগৰ জিলাৰ ডিমৌত যোৱা ২ মে'ত সংঘটিত পংখী সন্দিকৈৰ ৰহস্য়জনক মৃত্যুৰ পাছত ৰাজ্য়জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত দুৱৰীছিগা গাঁৱৰ ভৈৰৱ সন্দিকৈৰ জ্যেষ্ঠ কন্যা ২২ বছৰীয়া পংখী সন্দিকৈৰ স্বামী নিতিকেশ দাসৰ বিৰুদ্ধে হত্য়াৰ অভিযোগ তুলি ইতিমধ্য়ে ভুক্তভোগীৰ পৰিয়ালে নামৰূপ আৰক্ষী থানাত এজাহাৰ দখিল কৰিছে ।
ভুক্তভোগীৰ পৰিয়ালে নিতিকেশ দাসৰ বিৰুদ্ধে শাৰীৰিক-মানসিক অত্যাচাৰ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে নামৰূপ থানাত । শিৱসাগৰৰ আটাছুকে ধৰি কেইবাটাও দল- সংগঠনে পংখী সন্দিকৈৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা বাবে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে দল-সংগঠনসমূহৰ বিৰুদ্ধে কটু মন্তব্য কৰে । বিধায়কগৰাকীৰ এই মন্তব্য়ৰ পিচতেই শিৱসাগৰৰ দল-সংগঠনসমূহ জাঙুৰ খাই উঠিছে ।
শিৱসাগৰ প্ৰেছ ক্লাবত আজি আটাছু,অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা, অসমে বিধায়কগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে এক সংবাদ মেলত ক্ষোভ প্ৰকাশ কৰে । সংবাদমেলত আটাছুৰ সভাপতি বসন্ত গগৈয়ে পংখী সন্দিকৈৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে ওলাই অহা শ শ মহিলাক বিধায়কগৰাকীয়ে উপলুঙা কৰিছে বুলি তীব্ৰ সমালোচনা কৰে । এই সন্দৰ্ভত আটাছুৰ সভাপতি বসন্ত গগৈয়ে কয়," আমি সুশান্ত বৰগোহাঁইৰ পৰা ন্যায় বিচৰা নাই,অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছো । " শিৱসাগৰৰ দল-সংগঠনসমূহে বিধায়কগৰাকীৰ শ্ৰুতলিপিত পৰিচালিত নহয় বুলি উল্লেখ কৰি আটাছুৰ সভাপতিগৰাকীয়ে পংখীৰ পৰিয়ালে ন্যায় লাভৰ বাবে মাত মতাতো বিধায়কগৰাকীৰ নৈতিক দায়িত্ব আছিল বুলি মন্তব্য কৰে । লগতে তেওঁ কয়, "বিধায়কগৰাকীৰ বিপক্ষে যিবিলাক প্ৰশ্নবোধক আছে তাৰ উত্তৰ দিয়ক বিধায়ক সুশান্ত বৰগোঁহাইয়ে ।"