তিনিচুকীয়া, ২৮ আগষ্ট:ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত মিঞা মুছলমান জড়িত থকাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে উত্তাল কৰি থকাৰ মাজতেই টেংকাৰ চালকক ধনদাবী কৰি গ্ৰেপ্তাৰ আটাছু নেতাৰ । ধন দাবী কৰাৰ অভিযোগত মঙলবাৰে ডিগবৈত আটাছুৰ তিনিচুকীয়া জিলা সমিতিৰ চাৰি নেতা-কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা নেতা-কৰ্মীকেইগৰাকীয়ে আটাছু নেতা মিলন বুঢ়াগোহাঁই পন্থীৰ বুলি কয় ৷
ধনদাবী কৰা ঘটনাত গ্ৰেপ্তাৰ হোৱা চাৰি আটাছু নেতা-কৰ্মী হৈছে তিনিচুকীয়া সমিতিৰ সম্পাদক সমৰজিৎ কোঁৱৰৰ লগতে ৰণ্টু গগৈ, জগত শেনচোৱা আৰু দীপ দাস । ডিগবৈ আই অ' চিৰ টাৰ্মিনেলৰ টেংকাৰে তেল চুৰি কৰি থকা বুলি ছাত্ৰ নেতাকেইজনে অভিযোগ উত্থাপন কৰে যদিও টেংকাৰৰ চালকে তেল চুৰি কৰা বিষয়তো একেবাৰেই নস্যাৎ কৰিছে ।
টেংকাৰ চালকৰ অভিযোগ অনুসৰি, ধৃত ছাত্ৰ নেতাকেইজনে টেংকাৰখনৰ ভিডিঅ' কৰিছে আৰু চালকজনক ৰঙা গাড়ীখনত বহাই লৈ ৫০ হাজাৰ টকা ধনদাবী কৰে ৷ ধন নিদিলে ভিডিঅ' ভাইৰেল কৰাৰ ধমকি দিয়ে ৷ লগতে উক্ত চালকজনে টাৰ্মিনেলত টেংকাৰৰ পৰা তেল চুৰি নহয় বুলি উল্লেখ কৰে ৷ কিন্তু কিছুদিনৰ পূৰ্বে টাৰ্মিনেলত টেংকাৰৰ পৰা তেল চুৰি কৰি থকাৰ এটা ভিডিঅ' বিয়পি পৰে যদিও সেয়া টাৰ্মিনেলৰ নহয় বুলি নস্যাৎ কৰে ৷