মৰাণ: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । উজনি অসমৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অসম চিকিৎসা মহাবিদ্যালয়ৰ এটা ছাত্ৰাৱাসত খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে । খাদ্যত বিষক্ৰিয়াৰ ফলত কেইবাজনো ছাত্ৰ হ’বলগীয়া হৈছে চিকিৎসাধীন । চিকিৎসা মহাবিদ্যালয়ৰ ২২৫ খন বিচনা যুক্ত ছাত্ৰাৱাসত সংঘটিত হয় এই ঘটনা ।
প্ৰথমে এজন ছাত্ৰৰ পাতলীয়া শৌচ, পেটৰ বিষ আৰম্ভ হোৱাৰ পাছতে আন সাতজনৰো বমি, পেটত গেছ জাতীয় অসুস্থতা আৰম্ভ হয় । অসুস্থ অনুভৱ কৰি চিকিৎসা মহাবিদ্যালয়ৰ কেজুৱেলটিলৈ আহে ছাত্ৰসকল । পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অসুস্থ ছাত্ৰসকলক চিকিৎসা প্ৰদান কৰি বৰ্তমান তেওঁলোকক নিৰীক্ষণত ৰখা বুলি জানিব পৰা গৈছে ।
অৱশ্যে চিকিৎসাধীন ছাত্ৰকেইজন বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷ যোৱা নিশা হোষ্টেলত ৰন্ধা আলু ভাজি খাই এই অসুস্থতাত ভুগিছে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ কেইজন । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এই ঘটনা সংঘটিত হোৱাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন মহলৰ মাজত ।