অসম

assam

ETV Bharat / state

বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যসূচী হ্ৰাস - বিধানসভাৰ বাজেট অধিৱেশন

Budget session 2024 : হ্ৰাস কৰা হৈছে অসম বিধানসভাৰ বাজেট অধিবেশনৰ কাৰ্যসূচী ৷ অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীলৈ হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যসূচী অহা ২৬ ফেব্ৰুৱাৰীলৈ হ্ৰাস কৰা হৈছে ৷

Budget session 2024
বিধান সভাৰ বাজেট অধিৱেশনৰ কাৰ্যসূচী হ্ৰাস

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 5:13 PM IST

Updated : Feb 22, 2024, 6:23 PM IST

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : অসম বিধানসভাৰ বাজেট অধিবেশনৰ কাৰ্যসূচী ২৬ ফেব্ৰুৱাৰীলৈ হ্ৰাস কৰা হৈছে ।‌ বিধানসভাত বৃহস্পতিবাৰে এই কথা সদৰী কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

দৈমাৰীয়ে বিধানসভাত সদৰী কৰা‌ অনুসৰি, বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অহা ২৮ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া আছিল । গতিকে ২৭ আৰু ২৮ ফেব্ৰুৱাৰীৰ বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যসূচী হ্ৰাস কৰি অহা ২৬ ফেব্ৰুৱাৰীত বাজেট অধিৱেশনৰ কাৰ্যসূচীৰ অন্ত পৰিব । অহা ২৩ আৰু ২৬ ফেব্ৰুৱাৰীত বিধানসভাৰ অধিৱেশনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা‌ হ’ব ।‌ এই দুয়োটা দিন‌ত দুয়োবেলা সদনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব । পুৱা‌ ৯.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ বিধানসভাৰ অধিৱেশনৰ পুৱা বেলাৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ দুঘণ্টা‌ বিৰতিৰ পিচত পুনৰ দিনৰ ২ বজাৰ‌ পৰা অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ হ'ব ।

এই দুদিনত প্রশ্ন আৰু বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতিসমূহৰ প্রতিবেদন দাখিল তথা মঞ্জুৰীৰ বাবে ভোটদান আৰু বিধেয়ক উত্থাপন তথা গৃহীত হ'ব ।

উল্লেখ্য যে, যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল অসম বিধানসভাৰ বাজেট অধিৱেশন । ৰাজ্যপালৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হৈছিল । বিগত ৬ আৰু ৭ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্রস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয় । ৮ ফেব্ৰুৱাৰীত ২০২৩-২৪ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবীসমূহৰ ওপৰত ভোটদান, ২০২৪ চনৰ অসম বিনিয়োজন বিধেয়ক উত্থাপন, বিবেচনা আৰু গৃহীত কৰোৱা হয় । ৯ ফেব্ৰুৱাৰীত ছখনকৈ চৰকাৰী বিধেয়ক উত্থাপন কৰা হয় । ১২ ফেব্ৰুৱাৰীত বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট ।

১৩ আৰু ১৪ ফেব্ৰুৱাৰীত চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰা হয় । ২১ ফেব্ৰুৱাৰীত সদনত উত্থাপিত প্রশ্ন আৰু বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতিসমূহৰ প্রতিবেদন দাখিল তথা মঞ্জুৰীৰ বাবে ভোটদান কৰা হয় । অহা ২৬ ফেব্ৰুৱাৰীলৈকে চলিব লগা অধিৱেশনৰ সময়ছোৱাত বহুবিবাহ নিষিদ্ধ বিধেয়ক, অসম পর্যটন (বিকাশ আৰু পঞ্জীয়ন) বিধেয়ক ২০২৪ কে ধৰি আন কেইবাখনো নতুন বিধেয়ক আৰু সংশোধনী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:অসমতো কেজৰিৱাল; ১ মাৰ্চৰ পৰা ৰাজ্যত আপৰ নিৰ্বাচনী অভিযান

Last Updated : Feb 22, 2024, 6:23 PM IST

ABOUT THE AUTHOR

...view details