গুৱাহাটী :দেশৰ চাইবাৰ প্ৰৱঞ্চনাৰ ৰাজধানী হিচাপে ব্যাপক চৰ্চিত হৈ অহা ঝাৰখণ্ডৰ জামতাৰাৰ কথা আপুনি নিশ্চয় শুনিছে । জামতাৰাৰ দৰেই চাইবাৰ প্ৰৱঞ্চনাৰ ঘাটি হিচাপে চিহ্নিত হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসমৰ এখন বিশেষ ঠাই । য’ত বিদায়ী ২০২৪ বৰ্ষটোকে ধৰি বিগত ডেৰ বছৰত আৰক্ষীৰ জালত পৰিছে মুঠ ২২৬ টা চাইবাৰ অপৰাধী ৷
এক কথাত যেন দ্বিতীয় জামতাৰাৰে চাইবাৰ প্ৰৱঞ্চনাৰ প্ৰতিদ্বন্দ্বিতা হৈছে অসমৰ এইখন বিশেষ ঠাইৰ । এয়া আমাৰ তথ্য নহয় । অসম আৰক্ষীৰ তথ্যই কোৱা কথা এয়া । ঠাইখনৰ নাম হৈছে মৰিগাঁও। গুৱাহাটীৰ পৰা ৭৭ কিলোমিটাৰ দূৰৈত অৱস্থিত মৰিগাঁও জিলাৰ সদৰ ঠাই এই মৰিগাঁও । এই মৰিগাঁৱৰ ভিতৰুৱা অঞ্চলত এতিয়া চাইবাৰ অপৰাধীৰ বৃহৎ চক্ৰ আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে ।
নৈৰ মাজৰ চৰ আৰু ভিতৰুৱা তেনেই সাধাৰণ যেন লগা ঠাই কিছুমানৰ পৰা যে কোটি কোটি টকাৰ চাইবাৰ প্ৰৱঞ্চনা হৈ আহিছে সেয়া আপোনাৰ কল্পনাৰো অগোচৰ হ’ব । অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে গঠন কৰি দিয়া এচ টি এফে (STF) জিলাখনত চলোৱা অভিযান আৰু ফলাফলে আপোনাক আচৰিত কৰি তুলিব ৷ এই চাইবাৰ অপৰাধৰ বিৰুদ্ধে বিশেষ ভূমিকা পালন কৰি আহিছে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই । সমীৰণ বৈশ্যই সোমবাৰে ইটিভি ভাৰতক জনায় বছৰটোত মৰিগাঁৱত আৰক্ষীয়ে লাভ কৰা সফলতা আৰু ইয়াৰ আঁৰৰ কিছু কথা ।
আৰক্ষী বিষয়া সমীৰণ বৈশ্যই জনায়, “আজিৰ পৰা যোৱা ডেৰটা বছৰত মৰিগাঁও আৰক্ষীয়ে মুঠ ২২৬ গৰাকী চাইবাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰিব সক্ষম হৈছো । বছৰটোত আমি মুঠ ৭,৭১৮ খন ছিম কাৰ্ড, ১,১০৪ খন এ টি এম, ২১৭ খন ভুৱা পান কাৰ্ড, ২৪৭ খন ভু্ৱা আধাৰ কাৰ্ড, ১৭৪ টা মোবাইল ফোন, ১৬ টা লেপটপ, ৪৪৮ খন চেকবুক জব্দ কৰিবলৈ সক্ষম হৈছোঁ । মুঠ গোচৰ ৰুজু হৈছে ৩৬ টা ।”
চাইবাৰ অপৰাধৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে ৰুজু হোৱা ৫০ শতাংশ গোচৰত চাৰ্জ শ্বীট দিবলৈ সক্ষম হৈছে । আনহাতে, প্ৰায় এক কোটিৰ অধিক টকা চাইবাৰ প্ৰৱঞ্চনাৰ বলি হোৱা লোকক আইনী ব্যৱস্থাৰে ঘূৰাই দিবলৈ অসম আৰক্ষী সক্ষম হৈছে ।
আৰক্ষীৰ এটা অভিযানৰ উদাহৰণ
১৮ ছেপ্টেম্বৰ, ২০২৪ ৰ এটা অভিযানৰ কথা ৷ ধাৰাবাহিকভাৱে চাইবাৰ অপৰাধ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই অহা মৰিগাঁও আৰক্ষীয়ে সেইদিনা নিশা জিলাখনৰ বহুকেইটা স্থানত এক বিশেষ অভিযান চলায় । অভিযান চলাই ১০ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । একে সময়তে আৰক্ষীয়ে মৰিগাঁৱৰ মৈৰাবাৰী আৰু লাহৰীঘাটত চলোৱা পৃথক পৃথক অভিযানত চাইবাৰ অপৰাধৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
এই অভিযানৰ নেতৃত্ব লোৱা মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ইটিভি ভাৰতক জনায়, "দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি অভিযান চলাই আহিছোঁ । তাৰেই অংশ হিচাপে সেইদিনা নিশা মৰিগাঁৱৰ প্ৰায় ১৬ টা স্থানত অভিযান চলোৱা হয় । য'ত আমি ১০ জন লোকক প্ৰথম অৱস্থাত আটক কৰো । আৰু সোধা-পোছাৰ অন্তত তেওঁলোকক গ্ৰেপ্তাৰ কৰো । তাৰ ভিতৰত বেছিসংখ্যকেই এক্সিছ বেংককে ধৰি বিভিন্ন বেংকেৰে জালিয়াতি কৰিছিল । চক্ৰটোৱে ভুৱা তথ্য দি ক্ৰেডিট কাৰ্ড আৰু ঋণৰ নামত ধন হৰলুকি কৰিছিল ।"
১৮ ছেপ্টেম্বৰৰ অভিযান প্ৰসংগত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়, "লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা ৰুকুন উদ্দিন নামৰ অভিযুক্তজনে ভাৰতৰ বেলেগ বেলেগ ৰাজ্যৰ বিভিন্ন ব্যক্তিৰ নামত প্ৰায় ১৪ খন পান কাৰ্ড উলিয়াইছে ৷ আনহাতে, সেই সময়ত হাস্পতালত চিকিৎসাধীন হৈ থকা এহিয়া আহমেদক পূৰ্বতে মহাৰাষ্ট্ৰৰ আৰক্ষীয়েও ধন আত্মসাৎ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।” এক্সিছ বেংকৰ ১০ কোটিৰ জালিয়াতিৰ সৈতেও এই লোকসকল জড়িত আছিল বুলি তেওঁ অৱগত কৰে ।
অতিৰিক্ত আৰক্ষী অধীক্ষক বৈশ্যই জনোৱা অনুসৰি, সেইদিনা ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে ২০ টা মোবাইল ফোন, ফিংগাৰ প্ৰিণ্ট মেচিন, নগদ ৪০ হাজাৰ টকা, ডেবিট কাৰ্ড ১৫ খন, পান কাৰ্ড ২৪ খন, ছিম কাৰ্ড ৮০ খন জব্দ কৰে । এয়া চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযানসমূহৰ এক উদাহৰণহে ।