অসম

assam

ETV Bharat / state

অসমত দোষী সাব্যস্তকৰণৰ হাৰ ২০.৭৩ শতাংশলৈ বৃদ্ধি - Assam Conviction Rate

Assam Conviction Rate : ২০১৮ চনত ৰাজ্যত দোষী সাব্যস্তকৰণৰ হাৰ আছিল ৫.৯ শতাংশ । চলিত বৰ্ষত ২০.৭৩ শতাংশলৈ বৃদ্ধি । চাৰ্জশ্বীট দাখিলৰ হাৰ চলিত বৰ্ষত ৫৮.৯২ শতাংশলৈ বৃদ্ধি । বিগত চাৰিমাহত ৰাজ্যত পঞ্জীয়ন হৈছে অপৰাধৰ ১৬,০১৪ টা গোচৰ । অসম আৰক্ষীৰ সদৰত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ অধ্যক্ষতাত ৰাজ্যৰ অপৰাধ সম্পৰ্কীয় মাহেকীয়া পৰ্যালোচনা বৈঠক ।

By ETV Bharat Assamese Team

Published : May 22, 2024, 9:45 PM IST

Assam Conviction Rate
অসম আৰক্ষীৰ পৰ্যালোচনা বৈঠক (Photo source Assam Police)

গুৱাহাটী, ২২ মে' : অপৰাধ নিয়ন্ত্রণ নহ'লেও অসমত দোষী সাব্যস্ত হোৱা গোচৰৰ হাৰ বৃদ্ধি পাইছে । এই তথ্য প্রকাশ কৰিছে অসম আৰক্ষীয়ে । অসম আৰক্ষীৰ তথ্য অনুসৰি, অসমত অভিযোগ নিষ্পত্তি কৰি অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ ২০.৭৩ শতাংশলৈ বৃদ্ধি পাইছে ।

দোষী সাব্যস্তকৰণৰ শেহতীয়া ছবি

অসম আৰক্ষীৰ তথ্য (Assam Police Data)

প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৮ চনত ৰাজ্যত ১,৮৩৪ টা গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰা গৈছিল । সেই বছৰ দোষী সাব্যস্তকৰণৰ হাৰ আছিল মাত্র ৫.৯ শতাংশ । কিন্তু চলিত বৰ্ষৰ প্ৰথম চাৰিটা মাহতে অৰ্থাৎ এপ্ৰিল মাহলৈ ৰাজ্যত ১,৭৪২ টা গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰা গৈছে । এই চাৰি মাহত দোষী সাব্যস্তকৰণৰ হাৰ হৈছে ২০.৭৩ শতাংশ । আৰক্ষীৰ তথ্য অনুসৰি, ২০১৯ বৰ্ষত ৰাজ্যত ১,৭৯৮টা গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল । সেই বছৰৰ হাৰ আছিল ৬.৯ শতাংশ । ২০২০ বৰ্ষত ৮৫৫টা গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল । ইয়াৰ হাৰ আছিল ৫.৫ শতাংশ । আনহাতে, ২০২১ বৰ্ষত ৭৫২টা গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল । এই ক্ষেত্ৰত হাৰ হৈছে ৬.১ শতাংশ ।

২০২২ বৰ্ষৰ পৰা বৃদ্ধি পাইছে দোষী সাব্যস্তকৰণৰ হাৰ

অসম আৰক্ষীৰ তথ্য (Assam Police Data)

২০২২ বৰ্ষত ৰাজ্যত ৪,৬৪২টা গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল । সেই বছৰৰ দোষী সাব্যস্তকৰণৰ হাৰ ১৩.৫ শতাংশলৈ বৃদ্ধি পাইছিল । ইয়াৰ পাচত ২০২৩ বৰ্ষত ৰাজ্যত ৪,৮৩৫টা গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল । সেই বছৰ দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি পাইছিল ১৬.৭৫ শতাংশলৈ । এইবাৰ ইয়াৰ হাৰ ২০.৭৩ শতাংশলৈ বৃদ্ধি পাইছে । যাৰ ফলত দেখা গৈছে যে ৰাজ্যখনত ক্ৰমাৎ দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি পাইছে ।

অসম আৰক্ষীৰ মাহেকীয়া পৰ্যালোচনা বৈঠক

অসম আৰক্ষীৰ মাহেকীয়া পৰ্যালোচনা বৈঠক (Photo source Assam Police)

উল্লেখ্য যে শেহতীয়াকৈ গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত নিয়মীয়াকৈ প্ৰতি মাহে প্ৰতিখন জিলাৰ শীৰ্ষ বিষয়া আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ সৈতে বৈঠক অনুষ্ঠিত হয় । বুধবাৰে তাৰেই অংশস্বৰূপে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ অধ্যক্ষতাত ৰাজ্যৰ অপৰাধ সম্পৰ্কীয় মাহেকীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকত ৰাজ্যৰ অপৰাধ সম্পৰ্কীয় দিশবোৰৰ লগতে অপৰাধ নিয়ন্ত্রণত অসম আৰক্ষীৰ ভূমিকা সন্দৰ্ভতো আলোচনা কৰা হয় । বৈঠক সন্দৰ্ভত সামাজিক মাধ্যমযোগে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কেতবোৰ তথ্য দাঙি ধৰে ।

আৰক্ষী সঞ্চালক প্ৰধানৰ সামাজিক মাধ্যমত তথ্য দাখিল

অসম আৰক্ষীৰ তথ্য (Assam Police Data)

সামাজিক মাধ্যমযোগে তেওঁ জনায় যে অসম আৰক্ষীৰ নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে চলিত বৰ্ষত ৩০ এপ্ৰিললৈকে শপতনামা দাখিলৰ হাৰ ৫৮.৯২ শতাংশলৈ বৃদ্ধি হৈছে । সেইদৰে দোষী সাব্যস্তকৰণৰ হাৰ ২০.৭৩ শতাংশলৈ বৃদ্ধি হৈছে । আনহাতে, চলিত বৰ্ষত অপৰাধৰ হাৰ কমাবলৈ সক্ষম হৈছে । ৰাজ্যখনত বৰ্তমান প্ৰতি এক লাখ জনসংখ্যাত ১৩৩.৪৫ টা অপৰাধৰ ঘটনা সংঘটিত হয় । ২০১৯ চনত এই সংখ্যা তিনি শতাধিক আছিল ।

ৰাজ্যৰ অপৰাধৰ শেহতীয়া ছবি

তথ্য অনুসৰি, ২০১৯ চনত ৰাজ্যত অপৰাধৰ ১,৩২,৮৭৭ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২০ চনত ১,২১,৬০৯ টা, ২০২১ চনত ১,৩৩,২৩৯ টা, ২০২২ চনত ৬৮,৯৩৭ টা আৰু ২০২৩ চনত ৬৫,৩৯৫ টা অপৰাধৰ ঘটনা পঞ্জীয়ন হয় । চলিত বৰ্ষত এপ্ৰিললৈকে চাৰিমাহত ৰাজ্যত পঞ্জীয়ন হৈছে অপৰাধৰ ১৬,০১৪ টা গোচৰ । আনহাতে, অভিযোগনামা দাখিলৰ ক্ষেত্রত ২০১৯ চনত হাৰ আছিল ৪৭.৮০ শতাংশ । সেইদৰে অভিযোগনামা দাখিলৰ হাৰ ২০২০ চনত ৪৮.৬০ শতাংশ, ২০২১ চনত ৪৫.২০ শতাংশ, ২০২২ চনত ৪৮.২০ শতাংশ আৰু ২০২৩ চনত ৫০.২২ শতাংশ আছিল । চলিত বৰ্ষত এপ্ৰিল মাহ পৰ্যন্ত অভিযোগনামা দাখিলৰ হাৰ হৈছে ৫৮.৯২ শতাংশ ।

উল্লেখ্য যে শাসনভাৰ গ্ৰহণ কৰাৰ পাচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ আৰু নিষ্পত্তি নোহোৱাকৈ থকা গোচৰ নিষ্পত্তি কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছিল । আনহাতে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণৰ পাচতে জি পি সিঙেও এই দিশত বিশেষ তৎপৰতা দেখুওৱাৰ লগতে প্ৰতিমাহে এই বিষয়ৰ পৰ্যালোচনা কৰি আহিছে ।

লগতে পঢ়ক :বন্ধ হ’ব ৰাজ্যৰ 200 টা বটলিফ ফেক্টৰী: গভীৰ সংকটৰ দিশে অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগ - Small Tea Gardens In Assam

ABOUT THE AUTHOR

...view details