অসম

assam

ETV Bharat / state

বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্য়াচাৰ সন্দৰ্ভত কি ক'লে দেশখনত আৱদ্ধ অসমৰ নাগৰিকে - Bangladesh Violence

Indian in Bangladesh : ভাৰতৰ প্ৰতিবেশী বন্ধুৰাষ্ট্ৰ বাংলাদেশৰ চৰকাৰৰ পতন হ'ল । সম্প্ৰতি বাংলাদেশ চৰকাৰ পতনৰ লগে লগে দেশখনত থকা হিন্দু-খ্ৰীষ্টান আদি লোকৰ ওপৰত নিৰ্যাতন চলা বুলি কেতবোৰ খবৰ ওলাইছে । কিন্তু দৰাচলতে দেশখনত তেনে পৰিবেশ সৃষ্টি হোৱা নাই । বাংলাদেশৰ নাগৰিক আৰু অসমৰ পৰা গৈ তাত আৱদ্ধ হৈ থকা যুৱকে ক'লে সেই কথা । ই টিভি ভাৰত অসমৰ এক বিশেষ টেলিফোনিক সাক্ষাৎকাৰেৰে এই প্ৰতিবেদন ।

Indian in Bangladesh
বাংলাদেশৰ চৰকাৰৰ পতন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 6:57 PM IST

লখিমপুৰ, ৭ আগষ্ট :কোটা আন্দোলনে বগৰাই পেলালে ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ চৰকাৰক । মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে গৰিষ্ঠ সংখ্যক সংৰক্ষণ কৰাই কাল হ'ল শ্বেখ হাছিনা চৰকাৰৰ । কোটাক লৈ ছাত্র সমাজে আৰম্ভ কৰা আন্দোলনক চৰকাৰে দমন কৰাৰ প্ৰচেষ্টা কৰাৰ বাবে বহুজন শ্বহীদ হ'ল । কিন্তু পৰৱৰ্তী সময়ত কোটা আন্দোলনে সৰ্বগ্ৰাসী ৰূপ ধাৰণ কৰাত সেনা নিয়োগ কৰিও চৰকাৰে দমন কৰিব নোৱাৰিলে । বিপৰীতে চৰকাৰখনহে ওফৰি পৰিবলগীয়া হয়।

বাংলাদেশৰ চৰকাৰৰ পতন (ETV Bharat Assam)

আনকি প্ৰধানমন্ত্ৰীয়ে পলাই আহি ভাৰতত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হয় । সম্প্রতি সেনাৰ হাতত বাংলাদেশৰ শাসনৰ বাঘজৰী । এখন অন্তৱৰ্তীকালিন চৰকাৰৰ বাবে দেশখনত প্ৰস্তুতি কৰা হৈছে । বৰ্তমান সেনাই শাসন ব্যবস্থা চলাই ৰখা দেশখনত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে । বিশেষকৈ দেশখনত হিন্দু-খ্ৰীষ্টান আদি লোকৰ ওপৰত নিৰ্যাতন চলা বুলি খবৰ ওলাইছে । এনে অৱস্থাত ই টিভি ভাৰতে ফোনযোগে যোগাযোগ কৰিছিল অসমৰ এজন লোকক ৷

বাংলাদেশত থকা আত্মীয়ৰ ঘৰলৈ প্ৰায় এপষেক পূৰ্বে লখিমপুৰৰ পৰা গৈছিল ফখৰুদ্দিন আহমেদ নামৰ যুৱকজন । বৰ্তমান তেওঁ বাংলাদেশৰ মইমনসিং জিলাত আৱদ্ধ হৈ আছে । তেওঁৰ সৈতে টেলিফোনিক যোগাযোগ কৰাত তেওঁ কয়,"বাংলাদেশৰ জনগণে এতিয়া বিজয় উৎসৱ পালন কৰিছে । শ্বেখ হাছিনা চৰকাৰৰ পতন হোৱাৰ লগে লগে জনগণে বিজয় উৎসৱত মত্ত হৈ পৰিছে । জনগণৰ ক্ষোভ কেৱল চৰকাৰৰ বিৰুদ্ধেহে । দেশখনত হিন্দু-খ্ৰীষ্টান আদিৰ ওপৰত আক্ৰমণ হোৱা নাই । সকলো সমিলমিলেৰে আছে । শ্বেখ হাছিনাক ভাৰতত আশ্রয় দিয়াত জনগণৰ মনত ভাৰতৰ প্ৰতি কিঞ্চিৎ ক্ষোভ সৃষ্টি হৈছে । কোটা আন্দোলনৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি চৰকাৰখন পতনৰ লগে লগে শাম কাটিছে ।"

সম্প্রতি বাংলাদেশৰ নাগৰিকে এখন নতুন চৰকাৰক আদৰি ল'বলৈ প্ৰস্তুত বুলি তেওঁ জনগণৰ মনোভাৱৰ উমান দিয়ে । পূৰ্বৰ নোৱাখালি আৰু বৰ্তমানৰ ফেনী জিলাৰ জগতপুৰ গাঁও নিবাসী মাফুজা খাটুন নামৰ মহিলা গৰাকীয়েও বাংলাদেশত হিন্দু বা আন ধৰ্মৰ লোকৰ ওপৰত নিৰ্যাতন কৰাটো নুই কৰে । তেওঁ কয়," তেনে ধৰণৰ কোনো ঘটনা ঘটা নাই । জনগণৰ ক্ষোভ কেৱল চৰকাৰৰ বিৰুদ্ধেহে । আন কোনো ধৰ্মৰ লোকৰ বিৰুদ্ধে নহয় । হিংসাত্মক পৰিস্থিতি ক্ৰমে শাম কটা বাংলাদেশত অচিৰেই যাতায়াত ব্যবস্থা স্বাভাবিক হ'ব। " দুই এদিনৰ ভিতৰতে বিমান চলাচল নিয়মীয়া হ'ব বুলি আশা প্ৰকাশ কৰি লখিমপুৰৰ ফখৰুদ্দিন আহমেদ সোনকালেই ঘুৰি আহিব বুলি কয় ।

লগতে পঢ়ক:বাংলাদেশত আছে প্ৰায় ১৯ হাজাৰ ভাৰতীয় : আছে ৯ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী - Bangladesh Violence

ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা-চোৰাংচোৱা বৃদ্ধি : ১১ টা অতিৰিক্ত বাহিনী মোতায়েন বি এছ এফৰ - Bangladesh Crisis

ABOUT THE AUTHOR

...view details