শিৱসাগৰ :কষ্ট কৰিলেহে ৰত্ন মিলে । ধৈৰ্য ধৰি আগবাঢ়িলে সকলো কামতেই সাফল্য় অৰ্জন কৰিব পাৰি । পৰিশ্ৰমৰ লগতে মেধা সম্পন্ন হ'লে সাফল্য়ৰ পথত এখোজ দুখোজ কৈ শীৰ্ষস্থানত উপনীত হ'ব পাৰে । এনেকৈয়ে শিৱসাগৰৰ যুৱক এজনে অৰ্জন কৰিলে তেনে সাফল্য়ই । ক্লাৰ্কৰ পৰা সহকাৰী কমাণ্ডেণ্টৰ পদত অধিষ্ঠিত হোৱা যৱকজন হৈছে অপূৰ্ব চেতিয়া ।
অপৰিসীম শ্ৰম আৰু মেধাৰে জিলিকি উঠা অসম সন্তানগৰাকী ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমী পৰা সেনা বিষয়াৰ প্ৰশিক্ষণ সামৰি সহকাৰী কমাণ্ডেণ্ট পদত নিযুক্ত হৈছে । ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ এছ চি অ'-৫৩ এণ্ড ১৫৫ ৰেগুলাৰ বেটছত উত্তীৰ্ণ শিৱসাগৰৰ বেতবাৰী বোকাবিল গাঁৱৰ যুৱক অপূৰ্ব চেতিয়াই অসম ৰাইফলছৰ সহকাৰী কমাণ্ডেণ্ট হিচাপে মণিপুৰত নিযুক্তি লাভ কৰিছে ।
উল্লেখ্য যে বেতবাৰী বোকাবিলৰ প্রয়াত চিনাৰাম চেতিয়া আৰু জিনু চেতিয়াৰ পুত্ৰ অপূর্ব চেতিয়াই হাবিলদাৰ ক্লার্ক হিচাপে হিচাপে ২০০৮ বৰ্ষত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছতে অসম ৰাইফলছত যোগদান কৰিছিল । মণিপুৰত কৰ্মৰত সময়তে যুৱকজনে নিজৰ উচ্চ শিক্ষাৰ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে চেষ্টা আৰু পৰিশ্ৰম কৰিছিল । অসম ৰাইফলছৰ জোৱান হিচাপে স্নাতক আৰু লোক প্রশাসন বিষয়ত স্নাতকোত্তৰ ডিগ্রী লোৱা অপূর্ব চেতিয়াই পিছত ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্ৰশিক্ষণৰ বাবে নির্বাচিত হৈছিল ।