মিৰ্জা, 4 মে’ :ৰাজ্যত পুনৰ প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ ৷ এইবাৰ বতৰ বিজ্ঞানীয়ে জাৰি কৰি সতৰ্কবাণী । শুকুৰবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে বতৰৰ আগজাননী সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৷
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা অনুসৰি, ৰাজ্যৰ বিভিন্ন ঠাইত পুনৰ আগন্তুক পাঁচ দিনলৈ ধুমুহা আহিব । সাগৰপৃষ্ঠৰ পৰা 1.5 কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত ধুমুহা বতাহ বৰষুণৰ প্ৰভাৱ পৰাৰ যথেষ্ট সম্ভৱনা আছে ।
অহা 24 ঘন্টাৰ ভিতৰত অসমৰ লগতে মেঘালয়, নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী ঢেৰেকণিৰ হোৱাৰো সম্ভাৱনা আছে । তাৰ মাজতে আগন্তুক পাঁচ দিনলৈ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছু কিছু অঞ্চলত মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভৱনা আছে ।
ঠিক তেনেদৰে আজিৰ (শনিবাৰ) পৰা অহা সাত মে’লৈ ৰাজ্যৰ লগতে উত্তৰৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছু ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী ঢেৰেকণি অহাৰ সম্ভাৱনা প্ৰকট ৷ এই কথা জানিবলৈ দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে ৷
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, জলবায়ু পৰিৱৰ্তন আৰু প্ৰকৃতিৰ অস্বাভাৱিক ৰূপৰ ফল ভোগ কৰিছে পৃথিৱীবাসীয়ে । বৰ্তমান সময়ত ভাৰতৰ প্ৰায়কেইখন ৰাজ্য তাপ প্ৰবাহৰ গৰাহত সোমাই পৰিছে । ব্যতিক্ৰম নহয় অসমো । এফালে অস্বাভাৱিক উষ্ণতা বৃদ্ধি আৰু আনফালে অভাৱনীয় হাৰত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে ৰাজ্যত বিৰূপ অৱস্থাৰ সৃষ্টি হৈছে ।