অসম

assam

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 9:11 AM IST

ETV Bharat / state

জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ; গোলাঘাটৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবী আটছাৰ - Tea Tribe Community

Allegations of forgery : বৃহৎ অংকৰ ধন লৈ অনা চাহ জনজাতীয় লোকক প্ৰমাণপত্ৰ প্ৰদানৰ অভিযাগ উত্থাপনৰ পাচতে চাহ জনজাতি সন্মিলনে পদবীৰ পৰা অপসাৰণ কৰে গোলাঘাট জিলাৰ অধ্যক্ষ মুনীন গৌতম চাওৰাক ৷ 28 জুনৰ দিনা গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

Allegations of forgery
জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ; গোলাঘাটৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবী আটছাৰ (ETV Bharat Assam)

গোলাঘাট, 30 জুন :শেহতীয়াকৈ অনা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক জালিয়াতিৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ অভিযোগ উত্থাপন হৈছিল ৷ মেডিকেল আৰু বিডিএছ পাঠ্যক্ৰমৰ সংৰক্ষিত আসন দখলৰ ক্ষেত্ৰত জালিয়াতিৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা বুলি অসম চাহ জনজাতি ছাত্ৰ সন্থাই গোলাঘাটত তথ্য ফাদিল কৰাৰ পাচত ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

এই সন্দৰ্ভত সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাচত চাহ জনজাতি সন্মিলন, অসমৰ সভাপতি পৃথ্বী মাঝিয়ে 28 জুনৰ দিনা এক নিৰ্দেশযোগে চাহ জনজাতি সন্মিলনৰ গোলাঘাট জিলাৰ অধ্যক্ষ মুনীন গৌতম চাওৰাক তৎকালীনভাবে বলৱৎ হোৱাকৈ পদবীৰ পৰা অপসাৰণ কৰিছে । সংগঠনটোৰ গুৱাহাটী ৰূপনগৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে গোলাঘাট জিলাৰ অধ্যক্ষ মুনীন গৌতম চাওৰাক অপসাৰিত কৰা হৈছে ।‌

অপসাৰণৰ নিৰ্দেশনা (ETV Bharat Assam)

উল্লেখ্য যে, চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ লাভৰ পাচত এমবিবিএছ আৰু বিডিএছত চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত নাম ভৰ্তি কৰি অধ্যয়ন কৰিবলৈ বহু ছাত্ৰ সক্ষম হোৱাৰ বিস্ফোৰক তথ্য আটছাই সবিস্তাৰে পোহৰলৈ আনিছে । ইতিমধ্যে আটছাৰ গোলাঘাট শাখা আৰু বৰপথাৰ শাখাই মুনীন গৌতম চাওৰা আৰু পবিত্ৰ জালৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে ।‌

লগতে পঢ়ক:চাহ জনগোষ্ঠীয় মন্ত্রী-বিধায়ক-সাংসদৰ বিৰুদ্ধে ওলাই আহিল আটছা, লখিমপুৰত প্ৰতিবাদ

আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰা, জিলা সমিতিৰ সভাপতি ৰাবুল টুৰি, সাধাৰণ সম্পাদক সুশীল কালান্দী, আটছাৰ গোলাঘাট শাখাৰ সভাপতি সুমিত দীপ, সাধাৰণ সম্পাদক অনুজ কুৰ্মী, বৰপথাৰ শাখাৰ সভাপতি মনোজ মহানন্দ আৰু সাধাৰণ সম্পাদক অতুল ভূমিজে নিলম্বনৰ নিৰ্দেশক আদৰণি জনায় ৷

তেওঁলোকে কয়, "সমগ্ৰ কেলেংকাৰীটোৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত হোৱা উচিত । নিৰপেক্ষ তদন্তৰ স্বাৰ্থত অভিযুক্ত মুনীন গৌতম চাওৰা আৰু পৱিত্ৰ জালক আৰক্ষী থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ বাবে আমি দাবী জনাইছো ।‌ এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছো ।"

লগতে পঢ়ক:অসম চাহ মজদুৰ সংঘৰ বিৰুদ্ধে জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ - ATTSA Press meet in Golaghat

চাহ জনজাতিক লৈ কোনে খেলিছে হেতালি ? - Tea Tribe Community

টিকটৰ বিনিময়ত পইচা বিচাৰে ভূপেন বৰাই : মনোজ ধানোৱাৰ - Tea tribe leader ministry issue

ABOUT THE AUTHOR

...view details