গুৱাহাটী:চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । দুয়োটা পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে সাৱধানতা অৰু সুৰক্ষামূলক এলানি ব্যৱস্থা গ্রহণ কৰিছে ।
পূৰ্বৰ অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিলুপ্তি ঘটাই গঠন কৰা নতুন শিক্ষা পৰিষদে এইবাৰ প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননীত সবিশেষ উল্লেখ কৰা হৈছে ।
কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা ?
হাইস্কুল শিক্ষান্ত পৰীক্ষা অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ অনুষ্ঠিত হ'ব । ৰাজ্যৰ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাত ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । তাৰ ভিতৰত ১,৯০,৬৫৩ জন ছাত্ৰ আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব । আনহাতে, উচ্চতৰ মাধ্যমিক পৰীক্ষা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হ'ব । ৰাজ্যৰ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত ৩,০৬,৮৪১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । তাৰ ভিতৰত ১,৪৪,৪৬৩ জন ছাত্ৰ আৰু ১,৬২,৩৭৮ গৰাকী ছাত্ৰী ।
পৰীক্ষা প্রক্রিয়া নিৰীক্ষণ কৰাৰ বাবে দুখন নিৰীক্ষণ সমিতি গঠন :
পৰীক্ষাত যাতে কোনো ধৰণৰ বিসংগতি নহয় তাৰ বাবে এইবাৰ শিক্ষা পৰিষদে জিলা আৰু আৰক্ষী প্ৰশাসনৰ জৰিয়তে এলানি কঠোৰ সুৰক্ষামূলক ব্যৱস্থা সাজু কৰিছে । পৰীক্ষা প্রক্রিয়া নিৰীক্ষণ কৰাৰ বাবে এখন ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষণ সমিতি আৰু প্ৰতিখন জিলাত একোখন জিলা পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষণ সমিতি গঠন কৰা হৈছে । ৰাজ্যিক পৰ্যায়ৰ সমিতিয়ে জিলাসমূহত পৰীক্ষা সম্পর্কীয় সকলো দিশ চোৱা-চিতা কৰিব । বিশেষকৈ প্রশ্নকাকত আৰু অ'এম আৰ শ্বীট প্ৰেৰণ কৰা আৰু থানা বা আৰক্ষী চকীত ৰখাৰ সময়ত কৰিবলগা সুৰক্ষাৰ দিশটোৰ ওপৰত চকু ৰাখিব ।