অসম

assam

ETV Bharat / state

অসম সাহিত্য সভাৰ সভাপতি পদৰ তালিকা প্ৰকাশ - ASSAM SAHITYA SABHA

৫ গৰাকী সাহিত্যিকক লৈ সভাপতি পদৰ বাবে প্ৰকাশ নতুন পেনেল তালিকা । সোমবাৰে অসম সাহিত্য সভাৰ উপ-সভাপতি, প্রধান সম্পাদকৰ প্রার্থী তালিকা ঘোষণা কৰা হৈছিল ।

ASSAM SAHITYA SABHA
অসম সাহিত্য সভাৰ সভাপতি পদৰ তালিকা প্ৰকাশ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 5:09 PM IST

গুৱাহাটী: সভাপতিৰ পেনেলক লৈ চলি থকা বিতর্কৰ অৱসান ঘটাই অসম সাহিত্য সভাই মঙলবাৰে পৰৱৰ্তী সভাপতি পদৰ বাবে নতুন তালিকা প্ৰকাশ কৰে । ৫ গৰাকী সাহিত্যিকক লৈ প্ৰকাশ কৰা হয় নতুন পেনেল তালিকা । সাহিত্যিক বসন্ত কুমাৰ গোস্বামী, ড৹ গোৱিন্দ প্ৰসাদ শর্মা, অধ্যাপক উপেন ৰাভা হাকাচাম, ভীমকান্ত বৰুৱা, অনুৰাধা শৰ্মা পূজাৰীৰ নাম । আটাইকেইগৰাকী সাহিত্যিকৰ সন্মতি সাপেক্ষে নাম প্ৰকাশ কৰা হয় ।

মঙলবাৰে উচ্চস্তৰীয় সমিতিৰ বৈঠকৰ অন্তত প্ৰকাশ কৰা হয় এই তালিকা । মঙলবাৰে সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ উচ্চস্তৰীয় সমিতিৰ বৈঠক । এই বৈঠকত সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা, প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, উপ-সভাপতি গিৰীশ সন্দিকৈ, প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, সোমবাৰে অসম সাহিত্য সভাৰ উপ-সভাপতি, প্রধান সম্পাদকৰ প্রার্থী তালিকা ঘোষণা কৰা হৈছিল । অসম সাহিত্য সভাৰ নিৰ্বাচনী সমিতিয়ে সংবাদমেল পাতি ঘোষণা কৰে উপ-সভাপতি আৰু প্রধান সম্পাদকৰ প্ৰাৰ্থী তালিকা । নির্বাচনী সমিতিৰ মুখ্য নির্বাচনী বিষয়া প্রশান্ত কুমাৰ ডেকাই সংবাদমেলত অসম সাহিত্য সভাৰ উপ-সভাপতি আৰু প্রধান সম্পাদক পদৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ।

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যকালৰ বাবে ৫ গৰাকীয়ে উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল । তেওঁলোকৰ ভিতৰত অজয় সিংহ আৰু নৰহৰি চুতীয়াৰ মনোনয়ন বাতিল কৰা হৈছে । বিপিন চন্দ্ৰ কলিতা, চহিৰ ভূঞা আৰু পদুম ৰাজখোৱাৰ মনোনয়ন বৈধ বিবেচিত হৈছে । প্রধান সম্পাদক পদৰ বাবে তিনিগৰাকী মনোনয়ন দাখিল কৰিছিল । তেওঁলোক তিনিওগৰাকীৰে মনোনয়ন বৈধ বিবেচিত হৈছে । প্রধান সম্পাদক পদত সঞ্জীৱ কুমাৰ শৰ্মা, অজিত প্রসাদ শৰ্মা আৰু দেৱজিৎ বৰাৰ মাজত হ'ব প্রতিদ্বন্দ্বিতা ।

লগতে পঢ়ক:সভাপতিৰ তালিকাত মোৰ নাম অন্তৰ্ভুক্ত কৰি বদনাম কৰিছে: ক্ষোভেৰে ক'লে ড৹ নাহেন্দ্ৰ পাদুনে

সভাপতিকেন্দ্ৰিক বিতৰ্কই সাহিত্য সভাৰ স্খলন উদঙাই দিছে: নীলিম কুমাৰ

কোনে প্ৰকাশ কৰিলে সভাপতিৰ তালিকা ? একো গমেই নাপায় সাহিত্য সভাৰ সভাপতিয়ে !

ABOUT THE AUTHOR

...view details