অসম

assam

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াক চূড়ান্ত অপমান

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 3:28 PM IST

Assam Sahitya Sabha: অসম সাহিত্য সভাৰ মজিয়াত চৰম অপমান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াক । ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মাণৰ নামত ভাঙিলে মাতৃভাষাৰ জন্মদাতা তথা সাহিত্যক নগেন শইকীয়াৰ নাম ফলক । ক্ষোভিত দল-সংগঠন ।

Ultimate insult to Nagen Saikia in Dibrugarh
সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াক চূড়ান্ত অপমান

সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াক চূড়ান্ত অপমান

ডিব্ৰুগড়, ৪ ফ্ৰেব্ৰুৱাৰী:অসম সাহিত্য সভাৰ কিছু অবিবেচকী কাণ্ডৰ বাবে শেহতীয়াকৈ সমালোচনাৰ সন্মুখীন হৈ আহিছে । সাহিত্যৰ ক্ষেত্ৰখন আগুৱাই নিয়াৰ পৰিৱৰ্তে অন্য বিষয়তহে আজিৰ দিনত অসম সাহিত্য সভাই গুৰুত্ব প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা পাছতেই ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়ত সংঘটিত হৈছে চৰম অপমানজনিত ঘটনা ।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ‘মাতৃভাষা’ৰ জন্মদাতা তথা লেখক সাহিত্যক নগেন শইকীয়াক চৰম অপমান কৰিলে সাহিত্য সভাৰ মজিয়াত । ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰতিনিধিয়ে দলিয়ালে সাহিত্যিক নগেন শইকীয়াৰ নাম সন্নিবিষ্ট ফলক । ডিব্ৰুগড়ৰ চৌকিডিংগিত অৱস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় চৌহদত নিৰ্মাণ হৈ থকা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়ত জিলা সাহিত্য সভাৰ প্ৰতিনিধিয়ে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে ।

ডিব্ৰুগড় জিলা সাহিত্য সভাৰ পুৰণি কাৰ্যালয়টো নতুন কৰাৰ নামত অইল ইণ্ডিয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ প্ৰায় ১২ লাখ টকা লাভ কৰা পাছতে ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতিনিধিয়ে পুৰণি কাৰ্যালয়ৰ সৈতে লাগি থকা সাহিত্যিকগৰাকীৰ নাম ফলক টুকুৰা টুকুৰ কৰি ভাঙি তাৰ ঠাইত লগালে অইল ইণ্ডিয়া লিমিটেডৰ ফলক ।

উল্লেখ্য যে, ২০১১ বৰ্ষত সেই সময়ৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি তথা মৰাণ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত কিৰণ কুমাৰ গগৈৰ লগতে সাহিত্যক নগেন শইকীয়াই অশেষ ত্যাগ স্বীকাৰ কৰি ডিব্ৰুগড় জিলা সাহিত্য সভাক দিছিল এটি স্থায়ী ঠিকনা । জিলা সাহিত্য সভাৰ এটি কাৰ্যালয় নিৰ্মাণ কৰি কৰিছিল শুভ উদ্বোধন । উদ্বোধনৰ সময়ত কমিটীয়ে কাৰ্যালয় গৃহত সাহিত্যিক দুজনৰ নামত আঁৰি দিছিল এখনি ফলক ।

কিন্তু এইবাৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতিনিধিয়ে অইল ইণ্ডিয়াৰ ধন লাভ কৰিয়েই পাহৰিলে সাহিত্যিক নগেন শইকীয়াৰ ত্যাগ । জিলা সাহিত্য সভাৰ কাৰ্যালয়ত সংঘটিত এই ঘটনাক লৈ জাঙুৰ খাই উঠিছে দল-সংগঠন আৰু ডিব্ৰুগড়ৰ সচেতন ৰাইজ । সাহিত্যিকজনক অপমান কৰাটো কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও দল-সংগঠনে ।

লগতে অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে নিৰ্মাণ হোৱা এই কাৰ্যালয়ৰ কামত সম্পূৰ্ণ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি কাম বন্ধ কৰি দিয়ে দল-সংগঠন সমূহে । সাহিত্য সভাৰ বিষয়-ববীয়াসকলে সকলো বিশৃংখলতাৰ আঁতৰ নকৰা পৰ্যন্ত কাম কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান বিভিন্ন দল-সংগঠনৰ ।

লগতে পঢ়ক:ৰাজ্যজুৰি কংগ্রেছৰ ক’লা দিৱস পালন

ABOUT THE AUTHOR

...view details