গুৱাহাটী :অসম চৰকাৰে বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ পাছতো অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে বিদেশী বিনিয়োগকাৰীয়ে । প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ তালিকাত আজিৰ তাৰিখত দেশৰ ৰাজ্যবোৰৰ তালিকাত অসমৰ স্থান হৈছে একেবাৰে শেষৰ ফালে । ৰাজ্য চৰকাৰখনে দ্বিতীয়বাৰৰ বাবে অহা ফেব্ৰুৱাৰীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে সংসদত উন্মোচিত হৈছে অসমত বিদেশী বিনিয়োগৰ প্ৰকৃত স্বৰূপটো ।
অসমত বিদেশী বিনিয়োগৰ পৰিমাণ :
শেহতীয়াকৈ লোকসভাত কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰা তথ্য মতে, ২০১৯ চনৰ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈকে অসমত প্রত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই) হৈছে মাত্র ২২.৬৮ নিযুত মার্কিন ডলাৰ । অৰ্থাৎ প্ৰায় ১৯২কোটি টকা । অসমত বিনিয়োগৰ এই ছবিখনৰ বিপৰীতে এই সময়ছোৱাতে আকৌ মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট, দিল্লী, তামিলনাডুৰ দৰে ৰাজ্যত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে ।
তথ্য মতে, বিদেশী বিনিয়োগৰ তালিকাৰ প্ৰথম স্থানত থকা মহাৰাষ্ট্ৰত উক্ত সময়ছোৱাত ৮২,৬৩৮.০৮ নিযুত মার্কিন ডলাৰ, কৰ্ণাটকত ৫৪,৫৭৩.৭৩ নিযুত ডলাৰ, গুজৰাটত ৪৩,১৪৯.৯৫ নিযুত ডলাৰ, দিল্লীত ৩৪,৯২০.৪৮ নিযুত ডলাৰ, তামিলনাডুত ১২,৫৬০.৫২ নিযুত ডলাৰ, হাৰিয়ানাত ১১,০৪২.৯২ নিযুত ডলাৰ, তেলেংগানাত ৯৩১৪ নিযুত ডলাৰ, ঝাৰখণ্ডত ২৬৬৭.১০ নিযুত ডলাৰ, ৰাজস্থানত ২৪৯২.৩৩ নিযুত ডলাৰ, পশ্চিম বংগত ১৭২৩ নিযুত ডলাৰ, উত্তৰ প্ৰদেশত ১৭০০.৬৩ নিযুত ডলাৰ আৰু কেৰালাত ১২৮৮.৯৩ নিযুত মার্কিন ডলাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে ।
উল্লেখ্য যে ৩৩ খন ৰাজ্যৰ এই তালিকাত অসমৰ স্থান হৈছে ২৬ সংখ্যক । আনহাতে, এই সময়ছোৱাত সমগ্ৰ দেশত প্ৰত্যক্ষ বিনিয়োগৰ পৰিমাণ হৈছে ২৬২,৫৩৭.৯০ নিযুত মার্কিন ডলাৰ । লক্ষণীয় বিষয় যে অসমৰ দৰেই অৱস্থা উত্তৰ পূবৰ আন ৰাজ্য কেইখনৰো । এই সময়ছোৱাত মণিপুৰত মাত্র ০.০০০৬ নিযুত মার্কিন ডলাৰ, নগালেণ্ডত ০.০৬ নিযুত ডলাৰ, মেঘালয়ত ১.১৭ নিযুত ডলাৰ, ত্ৰিপুৰাত ১.২৩ নিযুত ডলাৰ, অৰুণাচল প্ৰদেশত ৭.০৩ নিযুত মার্কিন ডলাৰ বিনিয়োগ হৈছে । ইফালে, ওড়িশাত ১৭২.৩২ নিযুত মার্কিন ডলাৰ, বিহাৰত ২১৫.৫৭ নিযুত ডলাৰ, হিমাচল প্ৰদেশত ২৯৮.৩১ নিযুত ডলাৰ, মধ্য প্ৰদেশত ৫৯৪.২৯ নিযুত ডলাৰ, অন্ধ্ৰ প্ৰদেশত ১০৮৫.৫৯ নিযুত ডলাৰ,পঞ্জাৱত ১১৯৭.৯৩ নিযুত মার্কিন ডলাৰ বিনিয়োগ হৈছে ।