অসম

assam

ETV Bharat / state

প্ৰশ্নকাকত ফাদিল বা নকল কৰাসকল সাৱধান, অসম চৰকাৰে আনিছে নতুন আইন

Assam Public examination Bill 2024: চলিত বিধানসভাৰ অধিবেশনত সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰীকাই উত্থাপন কৰে 'দ্য আসাম পাব্লিক এক্সামিনেশ্বন (মিজাৰ্ছ ফৰ প্রিভেনশ্বন অফ আনফেয়াৰ মিনছ ইন ৰিক্রুইটমেন্ট) বিল, ২০২৪' । আইনত পৰিণত হ'লে নকল কৰা, প্ৰশ্নকাকত ফাদিল আৰু দুৰ্নীতিত জড়িতসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব ।

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 5:22 PM IST

Assam Public examination Bill 2024
প্ৰশ্নকাকত ফাদিল বা নকল কৰাসকল সাৱধান

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : অসমত এতিয়াৰে পৰা পৰীক্ষাক লৈ অনিয়ম কৰাসকল সাৱধান । নকল কৰা, প্ৰশ্নকাকত ফাদিল আৰু দুৰ্নীতি কৰি সমগ্ৰ নিযুক্তিৰ প্ৰক্ৰিয়াটোক বিপদলৈ ঠেলি দিয়াসকলে এতিয়াৰে পৰা খাব লাগিব কাৰাগাৰৰ ভাত ৷ ইয়াক লৈ শীঘ্ৰেই এক বিশেষ আইন প্ৰণয়ন কৰিব অসম চৰকাৰে ৷ ইতিমধ্যে বিধানসভাত দাখিল কৰিছে এই সন্দৰ্ভত এখন বিধেয়ক ৷

৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিবেশনতে গৃহীত হৈ আইনলৈ পৰিণত হ'ব এই বিধেয়ক । ইয়াত উল্লেখ কৰা হৈছে কিছুমান কঠোৰ বিধি ৷ বহু বছৰ ধৰি অসমত অসম লোকসেৱা আয়োগৰ প্ৰশাসনীয় সেৱা পৰীক্ষাৰ পৰা আৰম্ভ কৰি আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষা, মেট্ৰিক পৰীক্ষালৈকে প্ৰশ্নকাকত ফাদিল, দুৰ্নীতি, অনিয়মে ধাৰাবাহিকৰূপে ভয়ংকৰ ৰূপ লৈ আহিছে ৷ কিন্তু এতিয়াৰে পৰা এনে অসাধু চক্ৰক নাকী লগাব অসম চৰকাৰে ৷ অভিযোগ প্রমাণিত হ'লেই এনে অসাধু চক্ৰই কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব ৷

সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনাই সদনত উত্থাপন কৰা হয় পৰীক্ষা সম্বন্ধীয় এখন বিধেয়ক । 'দ্য আসাম পাব্লিক এক্সামিনেশ্বন (মেজাৰ্ছ ফৰ প্রিভেনশ্বন অফ আনফেয়াৰ মিনছ ইন ৰিক্রুইটমেন্ট) বিল, ২০২৪'- নামেৰে এখন বিধেয়ক বিধানসভাত উত্থাপন কৰে সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰীকাই ৷ শিক্ষা ব্যৱস্থা আৰু ৰাজ্য চৰকাৰৰ অধীনৰ নিযুক্তি পৰীক্ষাত খেলিমেলি ৰোধ কৰি স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে এই বিধেয়কখন মূলত অনা হৈছে ৷

প্ৰশ্নকাকত ফাদিল বা নকল কৰাসকল সাৱধান

বিধানসভাত উত্থাপিত এই বিধেয়কখনত নিযুক্তি সম্বন্ধীয় সর্বমুঠ ১৭ টা ৰাজহুৱা পৰীক্ষাক সামৰি লোৱা হৈছে । ইয়াৰে ভিতৰত অন্যতম হ'ল অসম লোকসেৱা আয়োগ (এপিএছচি), তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি, বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ চাকৰি, আৰক্ষী, শিক্ষা, স্বাস্থ্য, উচ্চ ন্যায়ালয়, টেট, অভিযান্ত্রিক নিযুক্তি পৰীক্ষা আদি । আনহাতে শিক্ষা খণ্ডৰ বাবে শিক্ষা সংসদ আৰু ছেবাৰ পৰীক্ষাসমূহকো এই বিধেয়কখনে সামৰি লৈছে ।

ইয়াৰ লগতে অসমৰ স্বায়ত্তশাসিত পৰিষদ-অনুষ্ঠান, নিকায়-নিগম আদিৰ নিযুক্তিৰ ক্ষেত্ৰতো এই বিধেয়কৰ নীতিসমূহ প্ৰযোজ্য হ'ব । নিযুক্তি পৰীক্ষাৰ প্রস্তুতি, প্রশ্নকাকত ছপা, প্রশ্নকাকত উত্তৰ বহীৰ পৰিবহণ, বিতৰণ, প্রশ্নকাকত-উত্তৰ বহী সংগ্রহ, ফলাফল, মূল্যায়ন প্ৰক্ৰিয়া আদিত সংঘটিত খেলিমেলি আৰু অসৎ পন্থা অৱলম্বনৰ অভিযোগ প্রমাণিত লোকক শাস্তি আৰু জৰিমনাৰ ব্যৱস্থা আছে বিধেয়কখনত ।

এই বিধেয়কখন বিধানসভাত গৃহীত হৈ আইনলৈ পৰিণত হ'লেই পৰীক্ষা অনুষ্ঠিত কৰা নিৰ্দিষ্ট চৰকাৰী কর্তৃপক্ষ, পৰীক্ষা অনুষ্ঠিত কেন্দ্ৰৰ দায়িত্ববাহীসকলৰ লগতে পৰীক্ষাত অৱতীৰ্ণ প্রার্থী এনে খেলিমেলিৰ বাবে দোষী সাব্যস্ত হ'ব । বিধেয়ক অনুসৰি পৰীক্ষাৰ লগত জড়িত যিকোনো গোপনীয় তথ্য ফাদিল কৰিলে সেই লোকজনে শাস্তিৰ সন্মুখীন হ'ব লাগিব । ইয়াৰ উপৰিও পৰীক্ষাত নকল কৰা, অকর্তৃত্বশীলভাৱে আনৰ সহায় লোৱা, নির্ধাৰিত স্থানৰ পৰিৱৰ্তে অন্য স্থানত প্রশ্নকাকত ছপোৱা, প্রশ্নকাকত ফাদিল কৰা, প্রশ্নকাকত ক্রয়-বিক্রয়, অন্য স্থানত পৰীক্ষা অনুষ্ঠিত কৰা আদিৰ দৰে কার্যত জড়িত লোকক এই বিধেয়কৰ যোগে দোষী সাব্যস্ত কৰাৰ পোষকতা কৰা হৈছে ।

কি শাস্তি আছে বিধেয়কত ?

১) নিযুক্তি পৰীক্ষাত খেলিমেলি বা অসৎ উপায় অৱলম্বন কৰা অভিযুক্তৰ ৩ বছৰ পৰ্যন্ত কাৰাবাস ৷

২) কমেও ১ লাখ টকাৰ জৰিমনা ।

৩) নিযুক্তি সম্বন্ধীয় ৰাজহুৱা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দায়িত্ব বহন কৰা লোকৰ বিৰুদ্ধে পৰীক্ষাত অনিয়ম, দুৰ্নীতি কৰাৰ অভিযোগ প্রমাণিত হ'লে তেওঁৰ অতি কমেও ৫ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাবাসৰ ব্যৱস্থা ৷

৪) পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দায়িত্ব বহন কৰা লোক দোষী সাব্যস্ত হ'লে তেওঁ কমেও ১০ লাখ টকাৰ পৰা ১০ কোটি টকা পর্যন্ত জৰিমনা ভৰিব লাগিব ।

৫) এনে অভিযোগ জামিন অযোগ্য হ'ব ।

এই বিষয়ক অপৰাধৰ বিচাৰ আৰু ইয়াৰ সৈতে জড়িত বা আনুষংগিক বিষয়ৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ কথাও এই বিধায়কখনত কোৱা হৈছে । এইখন আইন হ'লে উপ-আৰক্ষী অধীক্ষকৰ পদ মৰ্যাদাৰ তলৰ কোনো আৰক্ষী বিষয়াই সংঘটিত এনে কোনো অপৰাধৰ তদন্ত কৰিব নোৱাৰিব । ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি এই বিধেয়কৰ অধীনত অপৰাধৰ বিচাৰ চলাবৰ বাবে সত্ৰ ন্যায়াধীশৰ আদালতৰ সংখ্যা মনোনীত কৰি অৱগত কৰিব ।

বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ পাছতেই আইনলৈ পৰিণত হ'ব আৰু পৰীক্ষাত নকল কৰা, অনিয়মৰ আশ্ৰয় লোৱা, প্রশ্নকাকত ফাদিল কৰাকে ধৰি পৰীক্ষা প্ৰক্ৰিয়াৰ যিকোনো পৰ্যায়ৰ সৈতে জড়িত লোকসকলক এই আইনখন কঠোৰভাৱে বলৱৎ হৈ নাকী লগাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :ৰাজ্যপালক ধন্যবাদ নিদিয়ে বিৰোধী দলপতিয়ে !

ABOUT THE AUTHOR

...view details