গুৱাহাটী: বিশিষ্ট সাহিত্যিক আৰু প্ৰকাশকক প্ৰদান কৰি অহা সন্মানীয় ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ আৰু ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ আজি ঘোষণা কৰা হয় । মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শুকুৰবাৰৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলাৰ বাকৰিত বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই এই কথা ঘোষণা কৰে ।
এই কথা প্ৰকাশ কৰি উপাধ্যক্ষগৰাকীয়ে কয়,"২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ৰে সন্মানিত হৈছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক । ‘ধাৰ আৰু অন্যান্য গল্প’ শীৰ্ষক গ্ৰন্থখনৰ বাবে ঠংচিলৈ এই বঁটা আগবঢ়োৱা হৈছে । এই বঁটাত আছে নগদ ৫ লাখ টকা, প্ৰশস্তি-পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ।"
উল্লেখ্য যে ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ লাভ কৰা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ‘ধাৰ আৰু অন্যান্য গল্প’ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ‘বনলতা’ই । সেয়েহে ‘বনলতা’লৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ । প্ৰকাশকৰ বঁটাত আছে নগদ ৩ লাখ টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা ।