Assam-Bangladesh border: সীমান্ত অঞ্চলত সষ্টম হৈ আছে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকল ৷ তাৰপাচতো সীমান্তৰে অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকৰ ৷ বাধা প্ৰদান অসম আৰক্ষীৰ ৷
অনুপ্ৰৱেশৰ চেষ্টা চলোৱা চাৰি বাংলাদেশী নাগৰিক (X account of Himanta Biswa Sarma)
গুৱাহাটী, 12 আগষ্ট: বাংলাদেশৰ পৰিস্থিতি অশান্ত হৈ থকাৰ সময়তে অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে দেশখনৰ চাৰিজনকৈ নাগৰিকে ৷ এই চাৰিজন বাংলাদেশৰ নাগৰিকক অসমত প্ৰৱেশত বাধা দিবলৈ সক্ষম হৈছে অসম আৰক্ষী ।