আনহাতে, বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধ কৰিবলৈও এছ টি এফ সক্ষম হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, "এই সময়ছোৱাত ২ টা গঁড়ৰ খৰ্গ, ২ টা বাঘৰ দাঁতকে ধৰি অন্যান্য জন্তুৰ অংগ জব্দ কৰিবলৈ সক্ষম হৈছোঁ ।"
ইয়াৰ উপৰি তেওঁ দেশৰ অৰ্থনৈতিক অপৰাধৰ ক্ষেত্ৰত কৃষি ক্ষেত্ৰত গঢ়ি উঠা ছিণ্ডিকেট বন্ধ কৰিবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে । তেওঁ কয়, "বাৰ্মিজ চুপাৰিৰ ক্ষেত্ৰতো বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ২৫-৩০ ট্ৰাক জি এছ টি ভংগ কৰা ধঁপাতজাতীয় সামগ্ৰী জব্দ কৰা হৈছে । এই সময়ছোৱাৰ ভিতৰত এছ টি এফত ৪১ টা গোচৰ ৰুজু হৈছে । ২৫৪ টা সফল অভিযান চলোৱাৰ লগতে ৪৮২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে । নগদ ৬৩,৮৩,৬৫৯ টকা জব্দ কৰিবলৈ সক্ষম হৈছোঁ ।"
আনহাতে, এছ টি এফে গুৱাহাটীত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলোৱা বুলি উল্লেখ কৰি কয় যে গুৱাহাটীত ১৫২ টা অভিযান চলাই ২৬৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৩.৭২০ কিলোগ্ৰাম হেৰ'ইন, ৩৯২৩ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে । সংবাদমেলত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তও উপস্থিত থাকে ।